মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দিচপুৰৰ লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে আন বহুকেইটা বিষয়ৰ লগতে অৰুণোদয় আঁচনি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, ৰাজ্যত শীঘ্ৰেই অৰুণোদয় ৩.০ৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। তেওঁ কয় যে ৰাজ্য চৰকাৰে ২০১৯ চনৰ বাজেটত প্ৰথমবাৰৰ বাবে অৰুণোদয় আঁচনিৰ ধাৰণা ৰাজহুৱা কৰা হৈছিল। এই প্ৰথমবাৰৰ অৰুণোচয় আঁচনিৰ অধীনত অৰ্থাৎ অৰুণোদয় ১.০ৰ জৰিয়তে হিতাধিকাৰীসকলক ৮৩০ টকাকৈ প্ৰদান কৰা হৈছিল।আনহাতে ২০২১ চনত নতুন চৰকাৰ গঠনৰ পিছত অৰুণোদয় ২.০ আৰম্ভ কৰা হৈছিল। এই দ্বিতীয় সংস্কৰণৰ সময়ত হিতাধিকাৰীৰ সংখ্যা প্ৰায় ২৮ লাখ আছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। এতিয়া ৰাজ্য চৰকাৰে সঠিক পৰীক্ষণৰ দ্বাৰা অৰুণোদয় ৩.০ৰ হিতাধিকাৰী নিৰ্বাচন কৰা হৈছে বুলি তেওঁ সদৰী কৰে। এইবাৰ অৰুণোদয় ৩.০ৰ হিতাধিকাৰীৰ সংখ্যা সৰ্বমুঠ প্ৰায় ৪০ লাখ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে।জুলাই মাহত অৰুণোদয় ২.০ৰ অন্ত পৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ পৰা অসমত অৰুনোদইৰ ৩.০ আঁচনি আৰম্ভ কৰা হ’ব বুলি সদৰী কৰে। ইফালে এইবাৰ নিৰ্বাচিত হোৱা হিতাধিকাৰীসকলক পঞ্চায়তৰ প্ৰতিনিধি বা জিলা উপায়ুক্তৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা প্ৰেৰণ কৰা পত্ৰ প্ৰদান কৰিব।এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ বাবে এমাহ সময়ৰ প্ৰয়োজন হ’ব বাবে আগষ্ট মাহত হিতাধিকাৰীসকলে অৰুণোদয়ৰ ধন লাভ নকৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।
