এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে পূৰ্বৰ মেক্স লাইফ ইনশ্বুৰেন্স কোম্পানী লিমিটেডে অৰুণাচল প্ৰদেশত ৰাজ্যিক বীমা পৰিকল্পনা(এছআইপি)ৰ ওপৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰিছে, যিয়ে ৰাজ্যখনত বীমাৰ সজাগতা আৰু প্ৰৱেশৰ সম্প্ৰসাৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ(আইআৰডিএআই)ই অৰুণাচল প্ৰদেশৰ বাবে মুখ্য বীমা কোম্পানী (বীমা) হিচাপে নিয়োজিত প্ৰতিষ্ঠানটোৱে অঞ্চলটোত বীমাৰ প্ৰৱেশ বৃদ্ধি কৰাৰ বাবে এক সমন্বিত প্ৰচেষ্টাৰ নেতৃত্ব দিছে। কৰ্মশালাত আইআৰডিএআইৰ সদস্য (বিতৰণ) সত্যজিৎ ত্ৰিপাঠীৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰৰ একাউণ্ট আৰু ট্ৰেজাৰী বিভাগৰ সঞ্চালক কাৰ্লুক ৰ’নিয়া আৰু পঞ্চায়তী ৰাজ বিভাগৰ উপ-সঞ্চালক নাবাম ৰাজেশকে ধৰি উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সুমিত মদনকে ধৰি এক্সিছ মেক্স লাইফৰ জ্যেষ্ঠ প্ৰতিনিধিসকলো উপস্থিত থাকে।
কৰ্মশালাত নিজৰ অভিমত ব্যক্ত কৰি মদনে কয় যে, এই পদক্ষেপৰ লক্ষ্য হৈছে বীমা সৰল কৰা আৰু ঘৰুৱা পৰ্যায়ত দীৰ্ঘম্যাদী আৰ্থিক নিৰাপত্তা গঢ়ি তোলা, যি আইআৰডিএআইৰ “২০৪৭ৰ ভিতৰত সকলোৰে বাবে বীমা”ৰ দৃষ্টিভংগীৰ সৈতে সংগতি আছে। এই অনুষ্ঠানত ৰাজ্যিক বীমা পৰিকল্পনা প্ৰতিবেদন ২০২৫ প্ৰকাশ কৰা হয়, য’ত সাৰ্বজনীন কভাৰেজৰ ৰোডমেপৰ ৰূপৰেখা দাঙি ধৰা হয়।
কৰ্মশালাখনে “বীমা ত্ৰিনিটী — বীমা সুগম, বীমা বিস্তাৰ আৰু বিমা বাহক-ৰ স্থানীয় ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু দূৰৱৰ্তী আৰু অভাৱগ্ৰস্ত বা পিছপৰা সম্প্ৰদায়সমূহলৈ যোৱাৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে। অঞ্চলটোৰ মূল বীমা আৰু বিত্তীয় কেন্দ্ৰ গুৱাহাটীক কেন্দ্ৰ কৰি কৰ্মৰত বীমাকৰ্তাসকলে অৰুণাচল প্ৰদেশৰ শেহতীয়া অগ্ৰগতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীস্থিত কাৰ্যালয়সমূহে প্ৰায়ে উত্তৰ-পূবৰ কাম-কাজ পৰিচালনা কৰাৰ লগতে অৰুণাচল প্ৰদেশত সজাগতা বৃদ্ধি আৰু নীতি গ্ৰহণৰ ফলত নতুন ব্যৱসায়িক সুযোগ সৃষ্টি হ’ব, বিতৰণ নেটৱৰ্ক শক্তিশালী হ’ব আৰু সমগ্ৰ উত্তৰ-পূবত বীমা বিকাশৰ বাবে প্ৰৱেশদ্বাৰ বজাৰ হিচাপে গুৱাহাটীৰ ভূমিকাক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
