Arun Govil Joins BJP: ৰীল লাইফৰ ৰামে যোগদান কৰিলে বিজেপিত, জানক অৰুণ গোভিলৰ বিষয়ে…

82

জানো আহক অৰুণ গোভিলৰ বিষয়ে কিছু নজনা কথাঃ

ভাৰতীয় টেলিভিশ্যন ইতিহাসৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণ (Ramayan)ত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলে যোগদান কৰিলে বিজেপিত। বৃহস্পতিবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পিন্ধে ৰীল লাইফৰ ৰামে। ৫ খন ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে অৰুণ গোভিলৰ বিজেপিত যোগদানে বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ্য যে, বিজেপিত যোগদান কৰা অভিনেতাজনে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰো সম্ভৱনা নথকা নহয়।

জানো আহক অৰুণ গোভিলৰ বিষয়ে কিছু নজনা কথাঃ

অৰুণ গোভিলে শেহতীয়াকৈ এটা টিভি শ্বত অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানটোত ৰাময়ণৰ ৰাম, লক্ষ্মণ আৰু সীতা অৰ্থাৎ অৰুণ গোভিল, সুনীল লাখৰী আৰু দীপিকা চিখলিয়াৰ দৰে তাৰকাসকলে অংশগ্ৰহণ কৰিছিল। বাৰ্তালাপৰ সময়ত, অৰুণ গোভিলে তেওঁৰ জীৱনৰ বহু আকৰ্ষণীয় কাহিনী বৰ্ণনা কৰিছিল।

অনুষ্ঠানত অৰুণ গোভিলে কৈছিল যে, তেওঁ মুম্বাইত অভিনয়ৰ বাবে নহয় বৰঞ্চ ব্যৱসায় কৰিবলৈহে আহিছিল। অভিনয়লৈ অহাটো ঈশ্বৰৰ ইচ্ছা। তেওঁ লগতে কৈছিল যে, “মই নিশ্চয়কৈ এটা চাকৰি বা ব্যৱসায় কৰিলোহেতেন, কিন্তু ভগৱান ৰামৰ সম্ভৱতঃ আন ইচ্ছা আছিল। আৰু পিছত থিয়েটাৰত অভিনয়েৰে আৰম্ভ কৰে নিজৰ কেৰিয়াৰ।

ৰামায়ণ সম্প্ৰচাৰ হোৱাৰ সময়ত অৰুণ গোভিলক মানুহে ঈশ্বৰৰ দৰে উপাসনা কৰিছিল। অৰুণ গোভিলে নিজে বহুকেইটা সাক্ষাৎকাৰত সেই বিষয়ে শ্বেয়াৰ কৰিছে।

৮০ৰ দশকৰ শেষৰ ফালে ৰামায়ণ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ অভিনেতাজনে লাভ কৰিছিল অভূতপূৰ্ব জনপ্ৰিয়তা। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবেই চিনাকী মুখ হৈ পৰিছিল অৰুণ গোভেল। আনকি এনে পৰিবেশো আহিছিল যে, ভগৱান ৰামচন্দ্ৰৰ কথা ক’লেই ভাহি আহিছিল অভিনেতা অৰুণ গোভেলৰ মুখ খন।

১৯৫৮ চনৰ ১২ জানুৱাৰীত জন্ম গ্ৰহণ কৰা অৰুণ গোভিলে পৰৱৰ্তী সময়ত ছবিতো অভিনয় কৰিছিল।  কিন্তু কিন্তু ১৯৮৭-৮৮ সময়ছোৱাত, ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ পিছৰ পৰাই তেওঁ সমগ্ৰ দেশবাসীৰ অন্তৰত এক অনন্য স্থান দখল কৰে। ২০২০ চনৰ কোৰোণা ল’কডাউনৰ সময়ত ৰামায়ণ ধাৰাবাহিক পুনৰ সম্প্ৰচাৰ হোৱাত আকৌ এবাৰ সকলোৰে মনত সজীৱ হৈ পৰে অভিনেতাজন।

ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত বহুতে ঈশ্বৰৰ জ্ঞান কৰিবলৈ লৈছিল অৰুণ গোভেলক!

অৰুণ গোভেলে ধূমপান ত্যাগ কৰিবলগীয়া হোৱাতো আছে ভগৱান ৰামৰে অৱদান! অভিনেতাজনে কৈছিল যে, “সেই দিনবোৰত মই ভানুমতীৰ সৈতে এখন তামিল ছবিৰ শ্বুটিং কৰি আছিলো। এই ছবিখনত, মই বালাজী তিৰুপতিৰ চৰিত্ৰত আছিলো। মই চিগাৰেট ভাল পাইছিলো। দুপৰীয়াৰ আহাৰৰ পিছত, মই ছেটৰ পৰ্দাৰ পিছফালে গৈছিলো আৰু চিগাৰেট খাবলৈ আৰম্ভ কৰিছিলো। তাৰ পিছত এজন ভদ্ৰলোক সেই ঠাইলৈ আহি মোলৈ চাই মোক বহুতো কথা শুনাই যায়। ভদ্ৰলোকজনে কৈছিল যে, আমি আপোনাক ঈশ্বৰ বুলি বিবেচনা কৰো আৰু আপুনি ইয়াত বহি ধূমপান কৰি আছে।”আৰু তেতিয়াই চিৰদিনৰ কাৰণে ধূমপান ত্যাগ কৰিছিল অভিনেতাজনে।

পৰিচালক তাৰাচন্দ বৰ্জাতিয়া মুগ্ধ হৈছিল অৰুণ গোভেলৰ হাঁহিত

পৰিচালক, ছবি নিৰ্মাতা তাৰাচন্দ বৰ্জাতিয়া আকৰ্ষিত হৈ পৰিছিল অৰুণ গোভেলৰ হাঁহিত। আৰু সেই হাঁহিটোৰ সুবিধা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল। আৰু পিছত ৰামায়ণ ধাৰাবাহিকৰ বাবে অডিশ্যন দিয়াৰ সময়ত অভিনেতাজন ৰামৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত হোৱাৰ বিশেষ ভাবে সহায় কৰিছিল সেই হাঁহিটোৱে।