বিশ্ব অভিলেখৰে পেৰিছ অলিম্পিকৰ জেভেলিন থ্ৰোত আৰ্শাদ নাদিমৰ সোণ

102

পেৰিছ অলিম্পিকত জেভেলিন থ্ৰোত পাকিস্তানৰ আৰ্শাদ নাদিমে সোণৰ পদক জিকিছে। পাকিস্তানৰ আৰ্শাদ নাদিমে নতুন অভিলেখৰ সৈতে অলিম্পিকত সোণৰ পদক জিকিছে। নাদিমে তেওঁৰ দ্বিতীয়টো থ্ৰো ৯২.৯৭ মিটাৰলৈ কৰে, যিটো এক বিশ্ব অভিলেখ। যিটো অলিম্পিক ইতিহাসৰ আটাইতকৈ দীঘলীয়া থ্ৰো আছিল। ভাৰতৰ নীৰজ চোপ্ৰা ৰূপত সন্তুষ্ট থাকিব লগা হয়। উল্লেখ্য যে আৰ্শাদ নাদিমৰ জন্ম পাকিস্তানৰ পঞ্জাৱৰ মিয়ান চান্নুৰ এটা পাঞ্জাৱী পৰিয়ালত হৈছিল। স্কুলীয়া দিনত, তেওঁ ক্ৰিকেট, বেডমিণ্টন, ফুটবল আৰু এথলেটিকছৰ দৰে সকলো খেলত পাৰ্গত আছিল। কিন্তু তেওঁৰ আবেগ ক্ৰিকেটত আটাইতকৈ বেছি আছিল।

তেওঁ জিলা পৰ্যায়ত বহুতো ক্ৰিকেট খেল খেলিছিল কিন্তু তেওঁৰ ভাগ্য জেভলিন দলিয়াবলৈ লিখা হৈছিল। জেভলিন থ্ৰোত যোগদান কৰাৰ আগতে, আৰ্শাদে শ্বট পুট আৰু ডিচকাছ থ্ৰোতো অংশগ্ৰহণ কৰিছিল। আৰ্শাদ নাদিমে ২০১৫ চনত জেভলিন থ্ৰো ইভেণ্টত প্ৰতিযোগিতা আৰম্ভ কৰিছিল। ২০১৬ চনত, তেওঁ বিশ্ব এথলেটিকছৰ পৰা বৃত্তি লাভ কৰে, যাৰ ফলত তেওঁ মৰিচাছৰ আইএএএফ উচ্চ প্ৰদৰ্শন প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল’বলৈ যোগ্য হয়। ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত নাদিমে গুৱাহাটীত অনুষ্ঠিত দক্ষিণ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

তেওঁ ৭৮.৩৩ মিটাৰ ৰাষ্ট্ৰীয় অভিলেখ আৰু এথলেটিকছ ইভেণ্টত তেওঁৰ ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ অভিলেখ স্থাপন কৰিছিল। ২০২১ চনৰ ৪ আগষ্টত তেওঁ ২০২০ টকিঅ’ অলিম্পিকৰ পুৰুষৰ জেভলিন থ্ৰো ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। এনেদৰে, তেওঁ অলিম্পিকৰ ইতিহাসত যিকোনো ট্ৰেক এণ্ড ফিল্ড প্ৰতিযোগিতাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম পাকিস্তানী হিচাপে পৰিগণিত হয়। তেওঁ পুৰুষৰ জেভলিন থ্ৰো ইভেণ্টত ৮৪.৬২ মিটাৰ থ্ৰোৰে পঞ্চম স্থান লাভ কৰিছিল।