GMCHত চিকিৎসালয়ত থকা সদ্যজাত কেঁচুৱাৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।ঘটনাৰ পিছতে উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসালখনৰ ১১জন অস্থায়ী ট্ৰলী পুলাৰক। ঘটনা সন্দৰ্ভত নিলম্বিত নাৰ্ছ ভানুপ্ৰিয়া মিচঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীঘলীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় ভানুপ্ৰিয়াক। ঘটনাৰ নিশা ছিষ্টাৰ ইনচাৰ্জৰ দায়িত্বত আছিল ভানুপ্ৰিয়া। 140/25 নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে নাৰ্ছ পৰিদৰ্শক ভানুপ্ৰিয়াক। BNSৰ 305 ধাৰা সন্নিবিষ্ট কৰি আজি আদালতত হাজিৰ কৰাব আৰক্ষীয়ে।
