একেৰাহে দ্বিতীয়বাৰলৈ কোপা আমেৰিকাৰ চেম্পিয়ন আৰ্জেণ্টিনা

123

লিয়নেল মেছিৰ আৰ্জেণ্টিনা ফুটবল দলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আধিপত্য বৃদ্ধি পাইছে। একেৰাহে দ্বিতীয়বাৰলৈ আৰ্জেণ্টিনাই কোপা আমেৰিকা ২০২৪ খিতাপ দখল কৰিছে। সোমবাৰে অনুষ্ঠিত ফাইনেলত আৰ্জেণ্টিনাই কলম্বিয়াক পৰাস্ত কৰি কোপা আমেৰিকা ট্ৰফী দখল কৰে। ইয়াৰ পূৰ্বে ২০২১ চনৰ টুৰ্ণামেণ্টত আৰ্জেণ্টিনাই ফাইনেলত ব্ৰাজিলক পৰাস্ত কৰি খিতাপ জয় কৰিছিল। ভাৰতীয় সময় অনুসৰি ২০২৪ চনৰ কোপা আমেৰিকাৰ ফাইনেলখন সোমবাৰে ১৫ জুলাইত ফ্লৰিডাৰ হাৰ্ড ৰক ষ্টেডিয়ামত অনুষ্ঠিত হয়। খেলখন বহু ৰোমাঞ্চকৰ আছিল কাৰণ বিজয়ী গ’লটো নিৰ্দিষ্ট সময়ত হোৱা নাছিল, অতিৰিক্ত সময়তহে হয়। ৯০ মিনিটৰ ফুট টাইমলৈ, দুয়োটা দলে এটাও গ’ল দিনলৈ সক্ষম নহয়।

যাৰ বাবে অতিৰিক্ত সময়ত লোৱা হয়। আৰ্জেণ্টিনাই মেচখন ১-০ গ’লত জয় লাভ কৰে। খেলখনৰ একমাত্ৰ গ’লটো ১১২ মিনিটত (অতিৰিক্ত সময়) কৰা হয়, যিটো আৰ্জেণ্টিনাৰ লাউটাৰো মাৰ্টিনেজে গ’ল কৰে। প্ৰতিযোগিতাখনত এইটো তেওঁৰ পঞ্চম গ’ল আছিল, যাৰ বাবে তেওঁক গোল্ডেন বুটৰ খিতাপও প্ৰদান কৰা হয়। উল্লেখ্য যে আৰ্জেণ্টিনাৰ তাৰকা লিয়নেল মেছিয়ে আঘাতৰ বাবে গোটেই মেচখন খেলিব নোৱাৰিলে। খেলখনৰ ৬৬ মিনিটত মেছিৰ ভৰিত আঘাত লাগে, যাৰ বাবে তেওঁ বাহিৰলৈ যাব লগা হয়। আঘাতৰ বাবে, তেওঁ চকিত বহি উচুপি থকা দেখা যায়। অৱশ্যে, দলটোৰ বাকী সকলে মেছিৰ অবিহনে সুন্দৰ প্ৰদৰ্শন কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, ২০২৪ চনত কোপা আমেৰিকা জয় কৰাৰ সৈতে, আৰ্জেণ্টিনা প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল দল হৈ পৰিছে। এইবাৰ দলটোৱে ১৬ তম খিতাপ জয় কৰি উৰুগুৱেক অতিক্ৰম কৰিছে। এই ছিজনৰ আগতে, আৰ্জেণ্টিনা আৰু উৰুগুৱেই ১৫ টাকৈ খিতাপ জিকিছিল। এতিয়া আৰ্জেণ্টিনাই নিজকে প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল দল হিচাপে গঢ়ি তুলিছে।