কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰাহিমানে সোমবাৰে কয় যে তাৰকা খেলুৱৈ লিয়নেল মেছিৰ সৈতে আৰ্জেণ্টিনাৰ ফুটবল দলটোৱে অহা বছৰৰ মাৰ্চ মাহত ৰাজ্যখনত এখন মেচ খেলিব।
কেৰালা চৰকাৰৰ স্প’ৰ্টছ ভিজন ২০৩১ৰ সৈতে জড়িত এক অনুষ্ঠানত তেওঁ এইদৰে কয়। তেওঁ কয়-দুদিন পূৰ্বে আৰ্জেণ্টিনাৰ দলৰ পৰা মাৰ্চ মাহত তেওঁলোকৰ আগমন নিশ্চিত কৰা ইমেইল পাইছিলোঁ।
তেওঁলোকেও আমাক জনাইছিল যে অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে আৰ্জেণ্টিনা দলৰ এই ভ্ৰমণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
