Ardhendu Dey to BJP : গেৰুৱা হ’ল অৰ্ধেন্দু, বিজেপিত যোগদান কৰি ক’লে – কংগ্ৰেছত এতিয়া নেতৃত্বৰ অভাৱ

73

গেৰুৱা বসন পিন্ধিলে হোজাইৰ প্ৰাক্তন বিধায়ক তথা তিনিবাৰৰ কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু দেই (Ardhendu Dey)। বুধবাৰে আনুষ্ঠানিকভাৱে BJPত যোগদান কৰে অৰ্ধেন্দু দেই। যোগদান কৰাৰ পূৰ্বে অৰ্ধেন্দু দেৰ ঘৰত উপস্থিত হয় বিজেপি নেতা ভুবনেশ্বৰ কলিতা (Bhubneswar Kalita)। দুয়োজন নেতাই কিছু সময় বন্ধ কোঠাত বৈঠকত মিলিত হোৱাৰ পিছত পদযাত্ৰা কৰি বিভূতি ভূষণ গেষ্ট হাউছত আয়োজিত যোগদান কাৰ্যসূচীলৈ ৰাওনা হয়। তাতেই বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত পাণ্ডা, ভুবনেশ্বৰ কলিতা, বিজেপিৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষসহ বিজেপিৰ অন্যান্য নেতৃত্বৰ উপস্থিতিত অৰ্ধেন্দু দেই পুত্ৰ অনিৰুদ্ধ দে, বোৱাৰী আৰু দলত্যাগী নেতা বিজয় চক্ৰৱৰ্তীসহ কংগ্ৰেছ কৰ্মীক লৈ বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

অনুষ্ঠানৰ শেষত অসম বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাই সংবাদ মাধ্যমক সম্বোধন কৰি হোজাই সমষ্টিত বিজেপি জিকাটো নিশ্চিত আৰু অসমত বিজেপিৰ ১০০ প্লাছ লক্ষ্য পূৰণ হ’ব বুলিও মন্তব্য কৰে।

আনহাতে, দেশৰ হিতৰ বাবে কাম কৰিব বিচৰাসকলৰ বাবে একমাত্ৰ দল বিজেপিয়েই বুলি অভিহিত কৰি সুৰক্ষা, সমৃদ্ধি আৰু সংস্কৃতি ৰক্ষা কৰাই বিজেপিৰ প্ৰধান লক্ষ্য বুলিও মন্তব্য কৰে পাণ্ডাই।

আনহাতে, আজমলক সমালোচনা কৰি কৈ যে AIUDF দল দেশ আৰু অসমৰ হিতৰ বাবে নহয়।নৱগঠিত আঞ্চলিক দলকো কটাক্ষ কৰি পাণ্ডাই কয় যে আন্দোলন কৰি জন্ম হোৱা দলকেইটাই নিজৰ স্বাভিমান বিক্রী কৰিছে।

ন বিজেপি অৰ্ধেন্দু কুমাৰ দেই কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছত এতিয়া নেতৃত্বৰ অভাৱ। কংগ্ৰেছে এআইইউডিএফ দলতকৈও কম আসন পাব বুলিও মন্তব্য কৰে অৰ্ধেন্দু দেই।