ওদালগুৰি জিলাৰ বহুকেইখন গাৱঁৰ বাসিন্দাই সন্মুখীন হোৱা পানীৰ নাটনি, মনৱ-হাতী সংঘাত আৰু জলবায়ু পৰিৱৰ্তন সৃষ্ট সমস্যাৰ উদ্ভাৱনী আৰু বহনক্ষম সমাধানৰ অৰ্থে কাম কৰাৰ বাবে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকলৈ এল আই চি হাউছিং ফাইনেন্স লিমিটেডে (এল আই চি এইচ এফ এল) আৰ্থিক সাহায্য আগবঢ়াইছে । এই পুঁজিৰে ৰুপায়ণ কৰিবলগীয়া প্ৰকল্পটোৰ অধীনত অসমৰ আকাংক্ষী জিলা হিচাপে স্বীকৃতি লাভ কৰা ওদালগুৰি জিলাৰ ভেৰগাঁও, ওদালগুৰি আৰু মাজবাট উন্নয়ন খণ্ডৰ মুঠ ২৯ খন গাঁৱক সামৰি লোৱা হ’ব ।
ওদালগুৰি জিলাৰ বৃহৎ এলেকা ভূটান হিমালয়ৰ পাদদেশত বা পাদদেশৰ গাতে লাগি থকা আৰু ভাৱৰ মণ্ডলৰ অন্তৰ্গত আৰু এই এলেকাৰ জটিল ভূ-জলবৈজ্ঞানিক বৈশিষ্টৰ কাৰণে ভূ-গৰ্ভৰ পৰা পানী আহৰণ কৰাটো জটিল। গাওঁবাসীয়ে পানীৰ বাবে ভূটানৰ পৰা জিলাখনলৈ বৈ অহা নৈবোৰ আৰু পাহাৰৰ কেতবোৰ নিজৰাৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। স্থানীয়ভাৱে ব্যৱহৃত ডোং পদ্ধতিৰে তেনে নৈ আৰু নিজৰাৰ পৰা পানী আহৰণ কৰি নলাৰে বিভিন্ন গাৱঁলৈ বোৱাই নিয়া হয় । খৰালি নৈ আৰু নিজৰাৰ পানী শুকাই যোৱাৰ ফলত ডোঙৰ জৰিয়তে আহৰণ কৰা পানীয়ে গাওঁবাসীৰ প্ৰয়োজন পূৰণ কৰিব নোৱাৰে।
তেনে পৰিস্থিতিৰ বাবে জিলাখনৰ ডিমাকুছিৰ দৰে বহু অঞ্চলত খোৱা পানীৰ লগতে দৈনন্দিন ব্যৱহাৰ আৰু খেতি পথাৰৰ বাবে পানীৰ প্ৰচণ্ড নাটনি হ্য় । খৰাং, ডোং শুকাই যোৱা আৰু হাতীৰ উপদ্ৰৱৰ ফলত অঞ্চলবোৰত খেতিৰ বিস্তৰ ক্ষতি হয়। এইবোৰৰ উপৰিও ব্যাপক বনধ্বংস, জলবায়ু পৰিবৰ্তনৰ বাবে হোৱা অনিয়মীয়া বৰষুণ আৰু দীঘলীয়া খৰাং আদিৰ দৰে মানৱসৃষ্ট আৰু পাৰিপাৰ্শ্বিক কাৰকে লোকসকলৰ জীৱিকাৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱ ফলত তেওঁলোকৰ খাদ্য আৰু পৰিপুষ্টি হ্ৰাস, দৰিদ্ৰতা আৰু স্থানীয়ভাৱে হোৱা প্ৰব্ৰজন বৃদ্ধি পায়।