বিকল্প বহনক্ষম জীৱিকা পদক্ষেপৰ অংশ হিচাপে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ৰাভা এগ্ৰ’টেকৰ সহযোগত শেহতীয়াকৈ প্ৰান্তীয় কাৰ্বি গাঁওবাসীসকলৰ বাবে গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ এক বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে ।প্ৰান্তীয় পৰিয়ালসমূহৰ বাবে গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ জৰিয়তে বিকল্প বহনক্ষম জীৱিকাত সহায় কৰাৰ উদ্দেশ্যেৰে অসমৰ কাজিৰঙা-কাৰ্বি আংলং লেণ্ডস্কেপৰ ১০খন গাঁৱৰ আগ্ৰহী গাঁওবাসীসকলক লক্ষ্য কৰি প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ ২২ জুনত আৰম্ভ হয় আৰু যোৱা ১৮ জুলাইত সমাপ্ত হয়।প্ৰাৰম্ভিক প্ৰশিক্ষণত ১০ খন গাঁওৰ পৰা ২০ গৰাকী মহিলাই অংশগ্ৰহণ কৰি ধানৰ খেৰ কটা, কাঠফুলাৰ চিলিণ্ডাৰ প্ৰস্তুত কৰা আদি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া শিকে । তাৰ পিছত এই চিলিণ্ডাৰবোৰ ২০-২৫ দিন এটা আন্ধাৰ কোঠাত ৰখা হয় । ২৫ দিনৰ অন্তত চন্দ্ৰসিং ৰংপিয়ে গাঁও ত ১৯ গৰাকী অংশগ্ৰহণকাৰীক লগত লৈ অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত কাঠফুলাৰ চিলিণ্ডাৰত বালি আৰু ভাৰ্মিকম্পোষ্ট ঢলা প্ৰক্ৰিয়া, নিৰ্দিষ্ট প্ৰয়োজনীয়তা আৰু বালি আৰু জৈৱিক সাৰক ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰে বীজাণুমুক্ত কৰাৰ দৰে উন্নত পদক্ষেপসমূহো প্ৰশিক্ষকে শিকায়।
Latest article
এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জনৰ কথা ঘোষণা টাটা নিউ আৰু এইচডিএফচি বেংকৰ
টাটা নিউ আৰু এইচডিএফচি বেংকে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জনৰ কথা ঘোষণা কৰিছে : টাটা নিউ এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ডে জাৰি কৰা কাৰ্ডে ২...
কেঁচা বুটৰ উপকাৰীতাৰ কথা জানেনে
আমি প্ৰায়ে শুনো যে, ঘৰৰ জ্যেষ্ঠসকলে কনিষ্ঠসকলক স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা তিয়াই থোৱা বুট খাবলৈ উপদেশ দিয়ে।কিয়নো তিয়াই থোৱা বুটে আমাৰ স্বাস্থ্য ৰক্ষাত অমৃতৰ...
দাম কমিল বাণিজ্যিক ছিলিণ্ডাৰৰ মূল্য
প্ৰতি মাহৰ দৰেই চৰকাৰী তেল কোম্পানীসমূহে LPG চিলিণ্ডাৰৰ মূল্য় আপডেট কৰিছে । এই মূল্য়ৰ তালিকা আজিৰ পৰা অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে ।...