প্ৰথমটো মেলেৰিয়া ভেকচিন কেঁচুৱা আৰু শিশুৰ বাবে মানক চিকিৎসা হিচাপে ব্যৱহাৰৰ বাবে অনুমোদন জনোৱা হৈছে। এই ভেকচিন কেইসপ্তাহমানৰ পিছত আফ্ৰিকাত ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে সৰু ল’ৰা-ছোৱালী আৰু কেঁচুৱাক ডাঙৰ ল’ৰা-ছোৱালীৰ বাবে বনোৱা ভেকচিনেৰে চিকিৎসা কৰা হৈছিল।
কিন্তু ইয়াৰ অতিমাত্ৰা ব্যৱহাৰ বাবে যকৃতত প্ৰভাৱ পৰাৰ আশংকা আছিল কাৰণ কম বয়সতে যকৃতৰ বিকাশ হবলৈ ধৰে। এই নতুন ভেকচিন দেশসমূহক বৃহৎ পৰিসৰত অলাভজনক ভিত্তিত প্ৰদান কৰা হব।
এই ভেকচিন প্ৰস্তুত কৰিছে ফাৰ্মাচিউটিকেল কোম্পানী নোভাৰ্টিছে। আফ্ৰিকাত প্ৰতি বছৰে পাঁচ বছৰৰ তলৰ ৬ লাখতকৈ অধিক শিশু মেলেৰিয়াত মৃত্যুমুখত পৰে।
