বিভিন্ন কাৰকৰ প্ৰভাৱত অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা প্ৰকৃতিৰ জামাদাৰ শগুণৰ সংৰক্ষণৰ অৰ্থে স্থানীয় পৰ্যায়ত নিৰলসভাৱে প্ৰচেষ্টা অব্যাহত ৰখা সমাজৰ সদস্যসকলৰ কাৰ্যক উদগনি যোগোৱা আৰু প্ৰশংসা কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এলানি সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছে । সমাজৰ এই সদস্যসকলৰ আদৰ্শই আন সকলকো যাতে অসমত শগুণ সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থৰ হকে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে, ভাৰতত পোৱা শগুণৰ নটা প্ৰজাতিৰ ছটাই অসমত পোৱা যায়। “ডাউন টু আৰ্থ” আলোচনীত প্ৰকাশিত এটা প্ৰৱন্ধ মতে অসমৰ শিৱসাগৰ, লখিমপুৰ, ধেমাজি, কামৰূপ, কোকৰাঝাৰ আৰু ধুবুৰী জিলাত যঠেষ্ট সংখ্যক শগুণ পোৱা যায়।
কিন্তু মানৱ সৃষ্ট বিভিন্ন কাৰকৰ প্ৰভাৱ্ত অসমত শগুণ বিপদাপন্ন হৈছে আৰু ইহঁতৰ সংখ্যা অতি উদ্বেগজনক হাৰত হ্ৰাস হৈছে। আৰণ্যকে আৰম্ভ কৰা পদক্ষেপৰ অধীনত শিৱসাগৰ জিলা আৰু লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ শগুণ থকা অঞ্চল সমূহত বিভিন্ন ধৰণে এই পক্ষীবিধক ৰক্ষা কৰাৰ চেষ্টাত ব্ৰতী সমাজৰ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।