APDCL নিযুক্তি কেলেংকাৰী: বিশেষ কৰ্তব্যৰত বিষয়সহ ১০ জনক আটক

71

২০১৯ চনৰ APDCL নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ১০ জন লোকক আটক কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। জানিব পৰা মতে এই কেলেংকাৰীত মুখ্য ভূমিকা গ্ৰহণ কৰা APDCLৰ বিশেষ কৰ্তব্যৰত বিষয়া দীপাংকৰ দিহিঙীয়াকো আটক কৰা হৈছে। ইয়াৰোপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, ত্রিদিৱ শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিৰ লগতে ‘নেইকম ইম্প্রেছনছ’ৰ কংকণ শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমক গ্রেপ্তাৰ কৰে। আটাইকেইজনকে দিছপুৰ, বশিষ্ঠ, হাতীগাঁও, লতাশিল, সাতগাঁও, জালুকবাৰী আৰু লংকেশ্বৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, ২০১৯ চনত অসম শক্তি বিতৰণ নিগম লিমিটেড চমুকৈ APDCL ৰ ১৬০০ কাৰ্যালয় সহায়ক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। এই পৰীক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ‘নেইকম ইম্প্রেছনছ’ নামৰ প্ৰতিষ্ঠানটোক। কিন্তু পৰীক্ষাক লৈ বহু বিসংগতি পোহৰলৈ অহাত ফলাফল ঘোষণা কৰা নহয়।

আনহাতে ৰাজ্যপালে এই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অভিযোগ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বিশেষ তদাৰকী কোষে তদন্ত আৰম্ভ কৰে। যাৰ পিছতে নেইকম ইম্প্রেছনছক পৰীক্ষাৰ দায়িত্ব অৰ্পণ কৰাত মুখ্য ভূমিকা লোৱা APDCL ৰ বিষয়া দীপাংকৰ দিহিঙীয়াসহ ১০ জনক আটক কৰা হয়।