APDCLৰ ৩ কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল GMCHৰ

81

ভুৱা চহী আৰু নথিপত্ৰৰে চিকিৎসা বিল আদায় দি লাখ লাখ টকা সৰকোৱা অসম বিদ্যুৎ পৰিবহণ নিগমৰ তিনি কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই।

জানিব পৰা মতে, হিতেশ্বৰ দাস, সূৰ্য কান্ত বড়ো আৰু দেৱজিৎ কোঁৱৰ নামৰ এপিডিচিএলৰ কৰ্মচাৰী কেইজনে পত্নীৰ নামত জি এম চি এইছত এক্স পষ্ট ফেক্টো এপ্ৰ’ভেলৰ বাবে ভুৱা আৰু নথিপত্ৰৰ জালিয়াতিৰে আৱেদন দাখিল কৰি কেইবালাখ টকা সৰকাইছিল।

এই সমগ্ৰ কাণ্ড পোহৰলৈ অহাৰ পিছতে জিএমচিএইচ কৰ্তৃপক্ষই অভিযুক্ত কেইজনৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল কৰে। অভিযোগ সন্দৰ্ভত এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, অভিযুক্ত হিতেশ্বৰ দাস আৰু সূৰ্যকান্ত বড়ো এপিডিচিএলৰ সহায়ক কৰ্মচাৰী হিচাপে কৰ্মৰত।