হ্ৰাস পাব বিদ্যুতৰ মাচুল

94

সৰ্বসাধাৰণলৈ সকাহ অসম বিদ্যুৎ নিয়ামক আয়োগৰ ।উৎকট গৰম আৰম্ভ হোৱাৰ পূৰ্বে বিদ্যুৎ নিয়ামক আয়োগে এই সকাহ দিলে ৰাইজক । কিয়নো বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুতৰ নতুন নিৰিখ সম্পৰ্কীয় নিৰ্দেশনা প্ৰকাশ কৰিছে । সেই অনুসৰি শীঘ্ৰেই ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল । ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব বিদ্যুতৰ এই নতুন নিৰিখ । এই সম্পৰ্কত গুৱাহাটীৰ ছয়মাইলস্থিত অসম বিদ্যুৎ নিয়ামক ভৱনত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই ।