মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এন ডি এ মিত্ৰজোটৰ চৰকাৰে ২০২১ চনত অসমৰ শাসনভাৰ লোৱাৰ পাছতেই অসমৰ বাহিৰত বসবাস কৰি থকা অসমীয়া লোকসকলৰ পৰম্পৰাগত ৰীতি – নীতি, কৃষ্টি – সংস্কৃতি আদিৰ চৰ্চা, বিকাশৰ সুবিধাৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত দেশৰ ৰাজধানী নতুন দিল্লীৰ উপৰিও কলকাতা , মুম্বাই , চেন্নাই, বেংগালুৰু আদি মহানগৰীত অসমীয়া সমাজৰ অভিন্ন অংগ স্বৰূপ নামঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰি তাৰ ৰাজ্য চৰকাৰ সমুহৰ সহযোগত মাটি ক্ৰয় কৰি সেই মাটিত নামঘৰ নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰে যাবতীয় প্ৰস্তুতি আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে। অসম চৰকাৰৰ এই অভিলাসী সিদ্ধান্তক দল-মত নিৰ্বিশেষে অসমৰ সকলো শ্ৰেণীৰ ৰাইজে আদৰণি জনাইছিল । উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত বিগত সময়চোৱাত অসমৰ ২২,৯২৩ টা নামঘৰ , সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৪৩৩.৬৭ কোটি টকা ধাৰ্য কৰা হৈছিল । একেদৰে চলিত ২০২৫-২৫ বিত্তীয় বৰ্ষত অসমৰ লগতে ৰাজ্যৰ বাহিৰত নামঘৰ , সত্ৰ আদিৰ উন্নয়ন, নতুনকৈ নিৰ্মাণ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে ৩২৫.৫৫ কোটি টকা ধাৰ্য কৰিছে। সিমানলৈ ঠিকেই আছিল যদিও অসমৰ পৰা কেবা হাজাৰ কিলোমিটাৰ নিলগত থকা চেন্নাই, বেংগালুৰু, কলকাতা , মুম্বাই, দিল্লী আদি মহানগৰত নামঘৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা অসম চৰকাৰৰ দ্বাৰা কিন্তু এই পৰ্যন্ত অৱহেলিত হৈ আছে অসমৰ গাতে লাগি থকা উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্য কেইখনৰ নামঘৰ সমুহ। আনটো বাদেই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰি-ভয় জিলাৰ এটা নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগৰ তথা গুৱাহাটীৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগৰ মাৰঙা নামৰ গাওঁখনত থকা শঙ্কৰদেৱ নামঘৰটোৰ চৌহদৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ সহযোগিতা কামনা কৰিছে অঞ্চলটোৰ ৰাইজে ।
উল্লেখ্য যে নংপোৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগৰ বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁৱত কেবা শতাধিক কাৰ্বি আৰু তিৱা জনগোষ্ঠীৰ লোকে যুগ যুগ ধৰি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে । এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, মেঘালয় চৰকাৰৰ শক্তি বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সাহিত্য – সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি মহাপুৰুষ দুজনাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে শ্বিলঙৰ শংকৰ মিছনৰ অধীনত ১৯৬১ চনত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা নামঘৰ। পৰৱৰ্তী ২০০৫ চনত তাত শংকৰ সংঘৰ উদ্যোগত শংকৰদেৱ প্ৰাথমিক শাখা এটা স্থাপন কৰি নামঘৰটো শাখাৰ অধীনলৈ অনা হয়। একেদৰে নামঘৰ , সত্ৰ , মণিকূট অসমীয়া সমাজৰ অভিন্ন অংগ হোৱা বাবে এই সন্দৰ্ভত তাৰ মণিকূটসহ নামঘৰটো পুৰণি হৈ ব্যৱহাৰৰ প্ৰায় অনুপযোগী হৈ পৰা বাবে তাৰ লগতে চৌহদৰ উন্নয়নৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত নামঘৰ পৰিচালনা কমিটীৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ প্ৰধান প্ৰেছ সচিব ধ্ৰুৱ মহন্তৰ জৰিয়তে যোগাযোগ কৰি আৰ্থিক সাহায্য প্ৰদানৰ বাবে অনুৰোধ জনোৱা হৈছিল। প্ৰধান প্ৰেছ সচিব ধ্ৰুৱ মহন্তই বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি ততালিকে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰোৱাত মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত দুই লাখ টকাৰ এক আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰে।
মন্ত্ৰী পীযুষ হাজৰিকাই কমিটীৰ সৈতে যোগাযোগ কৰি তালৈ নিজেই আহি দুই লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে । অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা দুই লাখ টকাৰ লগতে ৰাইজ আৰু শুভাকাংক্ষীৰ পৰা সংগ্ৰহীত দান – বৰঙণিৰে প্ৰায় ১৫০ জন লোক একেলগে বহিব পৰাকৈ নামঘৰসহ মণিকূটটো পুনৰ নিৰ্মাণ কৰি নতুন ৰূপ দিয়া হয়। কিন্তু নামঘৰ চৌহদত বাহিৰৰ পৰা অহা ভকত, বৈষ্ণৱ, আই, বাপ , অংকীয়া ভাওনা আৰু নাম পৰিৱেশন কৰিবলৈ অহা দল সমুহৰ থকা-মেলাৰ সুবিধাৰ বাবে এটা অতিথিশালা নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয়তা আহি পৰিছে। যাৰ বাবে অঞ্চলটোৰ ৰাইজে পুনৰ নামঘৰ চৌহদত এটা অতিথিশালা নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ তৎপৰতা কামনা কৰিছে । উল্লেখ্য যে অসমৰ নামঘৰত মহিলা বা আয়তী সকলে প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে যেনেকৈ নাম ধৰে বা নাম – প্ৰসংগ পৰিৱেশন কৰি আহিছে, তাতো তেনেকৈ নাম -প্ৰসংগ পৰিৱেশন কৰা হয়। আনকি মাৰঙা নামঘৰত মহাপুৰুষ দুজনাৰ স্মৃতিত জন্ম – মৃত্যু তিথিৰ উপৰিও পৱিত্ৰ ভাদ মাহৰ এমহীয়া নাম – প্ৰসংগ কৰি অহা হৈছে।
