অহা ২৫ অক্টোবৰত গুৱাহাটীৰ ৰয়েল গ্লোবেল ইউনিভাৰ্ছিটিত জনপ্রিয় আপাচি ইন্ডিয়াৰ লাইভ কনচার্ট

106

অহা ২৫ অক্টোবৰ তাৰিখে গুৱাহাটীৰ ৰয়েল গ্লোবেল ইউনিভাৰ্ছিটিত অনুষ্ঠিত হ’ব আন্তর্জাতিক খ্যাতি সম্পন্ন আপাচি ইন্ডিয়ানৰ লাইভ কনচাৰ্ট। এই সম্পর্কত Big Films Media এখন সংবাদ মেলৰ আয়োজন কৰে পাঞ্জাবাৰী স্থিত আইদেউ সন্দিকৈ ছবিগৃহত। সংবাদমেলত উপস্থিত থাকে শ্যাম ভট্টাচার্য, দেবাঙ্কৰ বুঢ়াগোঁহাই, আর জে গৌৰব, ড° সৌমেন ভাৰতীয়া প্রমুখ। সংবাদ মেলত আপাচি ইন্ডিয়ানৰ লাইফ কনচাৰ্ট-ৰ ঘোষণা কৰাৰ লগতে সেঁহতীয়াকৈ মুকুলি ‘চিকাৰ’ মুভিখনৰ আইকনিক গান ৰিলিস কৰে।

 বিশ্ব জুৰি বুম শ্বেক-এ-লেক-ৰ দৰে আপাচি ইন্ডিয়ানৰ এই সংগীতানুষ্ঠানৰ বাবে সংগীত প্রেমীসকল ইতিমধ্যেই উৎসাহ আৰু উৎকণ্ঠাৰে সময় পাৰ কৰি আছে। বিশেষকৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী-কর্মী আদিৰ মাজত উৎসাহৰ আতিশয্যত উখল মাখল লাগিছে। এই অনুষ্ঠানত ডন ৰাজাৰ উপস্থিতিয়ে অনুষ্ঠানক আৰু অধিক উত্তেজনাপূর্ণ আৰু আনন্দদায়ক কৰি তুলিব আৰু আয়োজক সকলে তাৰ বাবে উৎকণ্ঠাৰে প্ৰতীক্ষা কৰি আছে। আসন্ন দুর্গা পূজাৰ উপহাৰ হিচাপে আপাচি ইন্ডিয়ান আৰু প্রখ্যাত গায়িকা উষা উথুপে কাহিনীচিত্ৰ চিকাৰৰ বাবে অলপতে লন্ডন ড্রিম শীর্ষক এটি গীত আগবঢ়াইছে।

অসমীয়া চলচ্চিত্ৰ আৰু সংগীত কিংবদন্তী জুবিন গাৰ্গ আৰু সিদ্ধৰ্থ শৰ্মাৰ দ্বাৰা অভিনীত চিকাৰ ছবিখন ইতিমধ্যেই প্রেক্ষাগৃহ সমূহত তৃতীয় সপ্তাহ ধৰি চলি আছে। উষা উন্মুপৰ অসমীয়া বিহু গীত ‘তোক দেখি মোৰ গা’ ইতিমধ্যে অসমীয়া দৰ্শসকলৰ মাজত বিপুল আলোড়ন সৃষ্টি কৰিছে। অনুষ্ঠানৰ আপাচি ইন্ডিয়ান-ৰ লাইভ কনচাৰ্ট-ৰ পাছৰ বাবে ‘চিকাৰ’ পৰিয়াল বৰ্গ, ৰেডিও মির্চি আৰু ব্যতিক্ৰমৰ সৈতে যোগাযোগ কৰক।