ইউৰোপত দক্ষ ভাৰতীয় শক্তিৰে ট্ৰাক চালকৰ অভাৱ পূৰণ কৰিবলৈ সহযোগিতা এনিহুৱেৰ জবছ, বেটন ট্ৰেন্সপ’ৰ্ট আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ

656

এনএছডিচি ইণ্টাৰনেচনেল (এনএছডিচিআই), ইউৰোপীয় পথ পৰিবহণ প্ৰতিষ্ঠান বেটন ট্ৰেন্সপ’ৰ্ট আৰু এনিহুৱেৰ জবছে ভাৰতীয় চালকক সংগঠিত কৰি ট্ৰাক উদ্যোগত মহিলাসকলক সবল-শক্তিশালী কৰি ইউৰোপৰ দক্ষ ট্ৰেইলাৰ চালকৰ অভাৱ দূৰ কৰিবলৈ অংশীদাৰিত্ব কৰিছে।

ইউৰোপত ট্ৰেইলাৰ চালকৰ যথেষ্ট অভাৱৰ ফলত এক অভাৱনীয় নাটনিৰ সন্মুখীন হৈছে, চাহিদা কৰ্মশক্তিতকৈ অধিক হৈ পৰিছে। এনিহুৱেৰ জবছে দিল্লীত হায়াৰিং ড্ৰাইভ(ভাড়াতীয়া চালক)ৰ জৰিয়তে বেটন ট্ৰেন্সপ’ৰ্টৰ বাবে ৩০জন উচ্চশিক্ষিত যোগ্য চালকক অনব’ৰ্ড কৰিছে, যিয়ে উদ্ভাৱনীমূলক সমাধানৰ প্ৰয়োজনীয়তাক প্ৰৌজ্বল কৰি তুলিছে। এই অংশীদাৰিত্ব আৰু শেহতীয়া পদক্ষেপৰ ওপৰত মূল্যৱান অন্তৰ্দৃষ্টি আগবঢ়াই মহিলাসকলৰ বাবে নিজৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ মহান সুযোগসমূহৰ ওপৰত আলোকপাত কৰি এনএছডিচিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰীয়ে কয় যে, “ট্ৰাকিং খণ্ডত মহিলাসকলক সৱলীকৰণ কৰাৰ বাবে এনএছডিচিআইৰ প্ৰতিশ্ৰুতি হৈছে বৈচিত্ৰ্যময় পৰিৱৰ্তনশীল শক্তিৰ ওপৰত আমাৰ বিশ্বাসৰ এক প্ৰমাণ, ইয়াত এনে এক পৰিৱেশ গঢ়ি তোলা হয় য’ত সকলোৱে লাভৱান হোৱাৰ সুযোগ লাভ কৰাৰ লগতে উজ্জ্বল ভৱিষ্যতলৈ অৰিহণা যোগাব পাৰে।”

ইউৰোপত ৰিলে ড্ৰাইভিঙৰ বাবে ভাৰতীয় পুৰুষ আৰু মহিলা চালকক নিযুক্তিৰ বাবে বেটন ট্ৰেন্সপ’ৰ্টে এনিহুৱেৰ জবছৰ সৈতে অংশীদাৰিত্ব কৰিছে। ইতিমধ্যে বহৰ(ফ্লীট)ত ১০গৰাকী মহিলা চালক থকাৰ বাবে বেটন ট্ৰেন্সপ’ৰ্টে মহিলা চালকৰ প্ৰতিনিধিত্ব ৫০%লৈ বৃদ্ধিৰ লক্ষ্য ৰাখিছে। এই অংশীদাৰিত্বৰ জৰিয়তে ইউৰোপত ট্ৰেইলাৰ ড্ৰাইভিং ভূমিকাৰ বাবে ভাৰতীয় মহিলা টেক্সি চালকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে উৎসাহিত কৰা হ’ব।