গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ অগ্ৰণী সামাজিক অনুষ্ঠান ‘জালুকবাৰী উদগনি মঞ্চ’ৰ উদ্যোগত উত্তৰ জালুকবাৰী অঞ্চলৰ যিসকল কৃতি শিক্ষাৰ্থীয়ে চলিত ২০২৪-২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা , উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত প্রথম বিভাগসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেওঁলোকক জালুকবাৰী কমিউনিটি হলৰ ৰাজদ্বীপ বিবাহ ভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। একেটা অনুষ্ঠানত অঞ্চলটোৰ উদীয়মান খেলুৱৈ সম্বৰ্ধনা জনোৱা হয়।
আনহাতে এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে জালুকবাৰী উদগনি মঞ্চৰ সভাপতি হাজী চৰিফ উল্লাহে আৰু উপস্থিত সকলোকে আদৰণি জনায় সাধাৰণ সম্পাদক হাফিজুৰ ৰহমানে। সভাত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰবী অধ্যাপক ডঃ প্রশান্ত শর্মা , বিশিষ্ট অতিথি হিচাপে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ , অধ্যাপক হাচমত আলী , সন্মানীয় অতিথি হিচাপে জ্যেষ্ঠ অধিবক্তা খলিলুৰ ৰহমান আৰু খোৱাজুৰ ৰহমানে ভাগ লৈ ভাষণ প্ৰসংগত কৃতি শিক্ষাৰ্থী আৰু উদীয়মান খেলুৱৈ সকলৰ উজ্বল ভবিষ্যত কামনা কৰি আগলৈকে ইয়াতকৈও উন্নত প্ৰদৰ্শনৰে নিজৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰে।
আনহাতে দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মুঠ ১৩ জন কৃতি শিক্ষাৰ্থী আৰু ১১ জন উদীয়মান খেলুৱৈক মানপত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
