আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাই দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। খানাপাৰা খেলপথাৰত আয়োজিত ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ ‘যুৱ শক্তি সন্মিলন’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পুনৰ বিজেপি চৰকাৰ গঠন হ’লে দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হ’ব। ইয়াৰ উপৰিও ১০ লাখ যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে প্ৰতিজনকে দুই লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিয়ে তেওঁ।
ৰাজ্যৰ সুৰক্ষা আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসমত এতিয়া কোনো বাংলাদেশীয়ে ৰঙা পীৰা পাৰি বহিব নোৱাৰে। এইবাৰ আমি ডেৰ লাখ অবৈধ বাংলাদেশীক উচ্ছেদ কৰিছো আৰু অহা পাঁচ বছৰত তেওঁলোকৰ দখলত থকা এমুঠীয়ো মাটি ৰাখিবলৈ দিয়া নহ’ব। প্ৰতিটো বাংলাদেশীৰ অবৈধ দখল বুলড’জাৰেৰে উৎখাত কৰিম আৰু মাতৃভূমিক সুৰক্ষিত কৰিম।” তেওঁ লগতে কয় যে অসমৰ উন্নয়নৰ বাবে শিক্ষাৰ দায়িত্বও চৰকাৰে ল’ব আৰু ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰচৰ বাবে পিতৃ-মাতৃয়ে চিন্তা কৰিব নালাগিব।
উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমে এতিয়া নতুন দিগন্ত স্পৰ্শ কৰিছে। তেওঁ কয়, “আমি কল্পনাও কৰিব পৰা নাছিলো যে অসমত ২৫ খনকৈ চিকিৎসা মহাবিদ্যালয়, এইমছ বা আই আই এম হ’ব। নুমলীগড়-গহপুৰৰ টানেল বা কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ এতিয়া বাস্তৱ। যিখন অসমত এসময়ত দৈনিক গঁড় হত্যা হৈছিল, সেইখন অসমতে যোৱা পাঁচ বছৰত এটা গঁড় হত্যা নহ’ল। আমাৰ লক্ষ্য অসমক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰা।”
গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাক্তন চৰকাৰৰ দুৰ্নীতিক সমালোচনা কৰি কয় যে পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি এতিয়াও এক লাখ চাকৰিৰ লক্ষ্য পূৰণ হৈছে। অনাগত দিনত প্ৰতিটো সমষ্টিৰ পৰা ৮ হাজাৰ যুৱক-যুৱতীক ব্যৱসায়িক সাহায্য প্ৰদান কৰি ৰাজ্যখনক অৰ্থনৈতিকভাৱে সলনি কৰাৰ পৰিকল্পনা কৰা হৈছে।
যুৱ প্ৰজন্মক দেশপ্ৰেমৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, “কোনোবাই যদি অসমৰ ফালে ৰঙাচকু দেখুৱাই, সেই চকু আমি কাঢ়ি আনিম। আমি যুঁজিম আৰু যুঁজি যুঁজি আমাৰ মাতৃভূমিক ৰক্ষা কৰিম। জীৱন যুদ্ধত সফল হ’বলৈ মামা সদায় আপোনালোকৰ কাষত থাকিব।” এইদৰে মুখ্যমন্ত্ৰীৰ আক্ৰমণাত্মক আৰু প্ৰতিশ্ৰুতিপূৰ্ণ ভাষণে এতিয়া নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক মহলে নতুন গতি প্ৰদান কৰিছে।
