প্ৰযুক্তিৰ ওপৰত প্ৰতিষ্ঠিত বিত্তীয় সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান এঞ্জেল ৱান লিমিটেডে ২০২৪ৰ পৰা ২০২৮ চনলৈ বিত্তীয় সেৱা শ্ৰেণী(ফাইনেঞ্চিয়েল চাৰ্ভিছ কেটেগৰী)ত সহযোগী অংশীদাৰ হিচাপে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল)ৰ সৈতে ৫ বছৰীয়া অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। এই সহযোগিতাৰ জৰিয়তে এঞ্জেল ৱানে ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত বিত্তীয় সজাগতা বিয়পাই সৱলীকৰণৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে আইপিএল প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন ক্ৰীড়ানুৰাগী দৰ্শকৰ ওচৰলৈ কাষ চাপি যোৱাৰ লক্ষ্য ৰাখিছে।
বিচিচিআইৰ সৈতে অংশীদাৰিত্ব কৰি এঞ্জেল ৱানে আইপিএলত নিজৰ ব্ৰেণ্ড প্ৰদৰ্শন কৰিছে, যাৰ লক্ষ্য হৈছে সকলো টেলিভিছন আৰু ডিজিটেল প্লেটফৰ্মত ৮০০ মিলিয়নতকৈ অধিক দৰ্শকৰ কাষলৈ যোৱা। এই অংশীদাৰিত্বই সাধাৰণ লোক-যুৱ প্ৰজন্ম(জেন জেড) আৰু ইয়ং মিলেনিয়ালছৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাৰ লক্ষ্য হৈছে ব্ৰেণ্ডৰ আত্মীয়তাক লাভান্বিত কৰাৰ সমান্তৰালভাৱে নিয়োজিততা বৃদ্ধি কৰা আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত নিজৰ স্থান সুদৃঢ় কৰা। আই পি এল ২০২৪ৰ ৬টা অফিচিয়েল এছ’চিয়েট পাৰ্টনাৰ(আনুষ্ঠানিক অংশীদাৰ)ৰ ভিতৰত এঞ্জেল ৱানো অন্যতম, যিয়ে নিজৰ উদ্ভাৱনীমূলক ছুপাৰ এপ প্লেটফৰ্মৰ প্ৰচাৰ আৰম্ভ কৰিছে।
শেহতীয়াকৈ কোম্পানীটোৱে #ৰহোহমেশাছুপাৰ অভিযান আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে বিনিয়োগ আৰু ব্যৱসায়িক পৰিৱেশলৈ বৈপ্লৱিক পৰিৱৰ্তন অনা। এঞ্জেল ৱানে গতি, সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা প্ৰদান কৰি ব্যৱহাৰকাৰীৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে প্ৰতিনিয়ত সমৰ্পিত, যিয়ে ক্ৰিকেট অনুৰাগীসকলৰ প্ৰিয় ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শনৰ ওপৰত থকা আস্থা আৰু নিশ্চয়তাক প্ৰতিফলিত কৰে। এই বিষয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি এঞ্জেল ৱান লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক দীনেশ ডি থাক্কাৰে কয় যে, “এই অংশীদাৰিত্বৰ জৰিয়তে লাখ লাখ ভাৰতীয়ৰ কাষ চাপিবলৈ আমাৰ প্ৰচেষ্টাক শক্তিশালী কৰিব আৰু আমি আৰ্থিকভাৱে সবল ক্ৰিকেট অনুৰাগীৰ এই প্ৰজন্মক অনুপ্ৰাণিত কৰিবলৈ উৎসাহী অনুভৱ কৰিছো।”