দক্ষিণ ভাৰতৰ জনসাধাৰণক অধিক সন্তান জন্ম দিবলৈ আহ্বান অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবুৰ

8

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডু আকৌ এবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। এইবাৰ চৰ্চাৰ কাৰণ হৈছে এক বিবৃতি, য’ত তেওঁ বৃদ্ধৰ বৰ্ধিত জনসংখ্যাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে আৰু দক্ষিণ ভাৰতৰ জনসাধাৰণক অধিক সন্তান জন্ম দিবলৈ আহ্বান জনাইছে।

মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে শনিবাৰে কয় যে ৰাজ্য চৰকাৰে “জনসংখ্যা ব্যৱস্থাপনা” কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ভিতৰত আছে অধিক শিশু থকা পৰিয়ালবোৰক উৎসাহিত কৰাৰ বাবে নতুন আইন বিবেচনা কৰা। নাইডুৱে কয়-ৰাজ্য চৰকাৰে এনে এখন আইন অনাৰ কথা চিন্তা কৰি আছে যাৰ অধীনত কেৱল দুটাতকৈ অধিক সন্তান থকা লোকহে স্থানীয় সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ যোগ্য হ’ব।

তেওঁ লগতে কয় যে ৰাজ্যখনে আগতে দুটাতকৈ অধিক সন্তান থকা লোকসকলক স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ নিষেধ কৰা আইন এখন গৃহীত কৰিছিল, কিন্তু আমি সেই আইনখন বাতিল কৰিছো আৰু এতিয়া ইয়াক প্ৰত্যাহাৰ কৰাৰ কথা বিবেচনা কৰি আছো। চৰকাৰে অধিক শিশু থকা পৰিয়ালবোৰক অধিক লাভালাভ প্ৰদান কৰিব।