মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ অসম প্রান্তৰ ৰাজ্যিক কার্যনির্বাহক সভাখন লোক নিৰ্মাণ বিভাগৰ গুৱাহাটীৰ দিছপুৰ লাষ্টগেটস্থিত প্ৰশিক্ষণ কেন্দ্ৰত আড়ম্বৰ পূৰ্ণভাৱে অনুষ্ঠিত হয়। মঞ্চৰ অসম প্ৰদেশৰ সংযোজক ৰাজীব আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় সংযোজক হবিব মহম্মদ চৌধুৰী প্ৰমুখ্যে গুৱাহাটী মহানগৰ জিলাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংযোজক গুৰু জ্যোতি মেধি আৰু ভাৰত তিব্বত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংযোজক উর্বশী মহন্ত উপস্থিত থাকে। সভাত বিভিন্ন জিলাৰ প্ৰতিনিধিৰ উপৰিও মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ প্রকোষ্ঠ (শাখা) সমূহৰ প্ৰতিনিধি উপস্থিত থাকি বক্তব্য ৰাখে।
আনহাতে সভাত মুখ্যত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নীতি, আদৰ্শ আৰু ইছলাম ধর্মীয় লোক সকলৰ মাজত আৰ এছ এছক একাংশই ইছলাম বিৰোধী বুলি যি অপপ্ৰচাৰ কৰি আহিছে তাৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে তাক নস্যাৎ কৰা সম্পৰ্কত বিভিন্নজনে বক্তব্য প্ৰদান কৰে । এই ক্ষেত্ৰত অসমৰ জিলা সমূহলৈ গৈ আৰ এছ এছ যে ইছলাম বিৰোধী নহয় তাক বহুল ভাৱে প্ৰচাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। দ্বিতীয়তে মুছলিম ৰাষ্ট্ৰীয় মঞ্চ যিহেতুকে এক ধৰ্মনিৰপেক্ষ ভাৱে ৰাষ্ট্ৰক প্রাধান্য দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰ প্রথম তথা ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সকলো ধৰ্মৰ লোক জড়িত হোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।
তৃতীয়তে সভাত দেশৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমতো ইছলাম ধর্মীয় লোক সকলৰ মাজত বহুলভাৱে চলি থকা বাল্য বিবাহ, বহুবিবাহ, ত্রিপুল তালাক, ড্রাগ সেৱন আদি বিভিন্ন অসামাজিক কাম কাজৰ ওপৰত বহুল ভাৱে আলোচনা হয় আৰু ইয়াৰ প্ৰতিকাৰৰ বাবে মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ তত্বাৱধানত এক শক্তিশালী পদক্ষেপ লবলৈ সিদ্ধান্ত লোৱা হয়। সভাত মঞ্চৰ গুৱাহাটী মহানগৰ সমিতিৰ দেৱান ৰিয়াজুল, জয় চৌধুৰীকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।
