ভুৱা বাতৰি বিয়পাৰ আঁৰৰ কাৰক : ব্ৰেণ্ডৰ ক্ষতি কৰা দিশ উন্মোচন

830

আজিৰ ডিজিটেল যুগত ভুৱা তথ্য বা উৰাবাতৰিয়ে সাধাৰণ লোক, একো একোটা প্ৰতিষ্ঠান আৰু ব্ৰেণ্ড তথা উদ্যোগলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে। ভুৱা খবৰে ছ’চিয়েল মিডিয়া, মচলাধৰ্মী শিৰোনাম আৰু ভাইৰেল কণ্টেণ্টে যথেষ্ট ক্ষতিসাধন কৰে, কিয়নো এনে ভুল বাতৰিৰ বাবে এটা প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ সুনাম নষ্ট হয় আৰু গ্ৰাহকৰ আস্থা নোহোৱা হৈ পৰে। বিভিন্ন ব্ৰেণ্ড আৰু তৈলপাম উদ্যোগৰ বাবে বনাঞ্চল ধ্বংস আৰু শ্ৰমিকক শোষণ-নিৰ্যাতনৰ ভুৱা অভিযোগে গ্ৰাহক হেৰুওৱাৰ লগতে আৰ্থিকভাৱেও লোকচানৰ সন্মুখীন কৰিব পাৰে।

বহনক্ষম তৈলপাম হৈছে পৰিৱেশ অনুকূল আৰু অৰ্থনৈতিকভাৱে লাভজনক। তৈলপামৰ বাবে অন্যান্য তৈলউৎসতকৈ কম ভূমি আৰু সম্পদৰ প্ৰয়োজন। ই বিভিন্ন উদ্যোগত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কিয়নো তৈলপামে উদ্ভাৱন-সম্ভাৱনা কঢ়িয়াই আনি ক্ৰান্তীয় অঞ্চলত অৰ্থনৈতিক বিকাশত সহায় কৰে। প্ৰমাণিত বা দৃঢ় পদক্ষেপ আৰু উদ্যোগসমূহৰ বলিষ্ঠ পদক্ষেপেৰে দায়িত্বশীল পদ্ধতিবোৰৰ প্ৰচাৰ কৰি আহিছে।

এই বিষয়ে এছএনডিটি মহিলা বিশ্ববিদ্যালয়ৰ গাৰ্হস্থ্য বিজ্ঞান আৰু খাদ্য বিজ্ঞান তথা পুষ্টি বিভাগৰ স্নাতকোত্তৰ অধ্যয়ন আৰু গৱেষণা বিভাগৰ অতিথি অধ্যাপক হিচাপে কৰ্মৰত ড০ মীনা মেহতাই দৃঢ়তাৰে কয় যে, “পৌৰাণিক কাহিনী বা উৰাবাতৰিবোৰ নোহোৱা কৰি অধিক প্ৰচাৰ আৰু মুক্ত যোগাযোগৰ জৰিয়তে তৈলপামৰ গুৰুত্ব, অৱদান, সুযোগ-সুবিধাৰ বিষয়ে অধিক সূক্ষ্মভাৱে সকলোৱে বুজিব পৰা পৰিৱেশ গঢ়ি তুলিব পাৰোঁ। এনে বহনক্ষম পদ্ধতি আৰু পদক্ষেপে ভাৰতৰ বিভিন্ন উদ্যোগক সমৃদ্ধ কৰাত সহায় কৰিব।”