গুৱাহাটীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত আঠগাঁৱৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা উৰণীয়া সেঁতুৰ তলত আজি দিনৰ ভাগত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক ভৰলুমুখ আৰক্ষী আৰু বিশেষ অভিযানকাৰী গোটে গোপন সূত্ৰৰ পম খেদি হাতে লোটে আটক কৰিবলৈ সক্ষম হয়।
আটক হোৱা সৰবৰাহকাৰীটোক দক্ষিণ কামৰূপ ছয়গাঁৱৰ লালচন বাদশ্বাহ বুলি চিনাক্ত কৰা হৈছে। আনহাতে ধৃত সৰবৰাহকাৰীটোৰ পৰা ১০ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, এখন মটৰ চাইকেল আৰু এটা ম’বাইল ফোন উদ্ধাৰ কৰা হৈছে ।
আৰক্ষীৰ সূত্ৰই সদৰি কৰা আটক হোৱা সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল। ইতিমধ্যে ভৰলুমুখ থানাত আটক হোৱা সৰবৰাহকাৰীটোক সোধ পোচ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
