মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত ভিখাৰী হিচাপে দিন কাটোৱা এজন লোকে তিনিটা পকী ঘৰ, এখন বিলাসী গাড়ী আৰু তিনিখন অট’ৰিক্সা মালিক হৈ থকা ঘটনা সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্ঠি কৰিছে। ভিক্ষাৰীমুক্তি অভিযানৰ সময়ত মহানগৰ প্ৰশাসনে এয়া উদ্ঘাটন কৰে। তদন্তৰ সময়ত দেখা যায় যে এই ব্যক্তিজনে কুষ্ঠ ৰোগৰ বাবে কাম কৰিবলৈ অক্ষম হৈ পৰাকৈ ভিক্ষাৰ পথ বাচে। তেওঁ দৈনিক ৪০০ ৰ পৰা ৫০০ টকা ভিক্ষা উপাৰ্জন কৰে আৰু লগতে বজাৰত ধাৰে দিয়া টকাৰ সুদৰূপে ১০০০ ৰ পৰা ২০০০ টকা সংগ্ৰহ কৰে। প্ৰশাসনে সংশ্লিষ্ট আইনী পদক্ষেপ গ্ৰহণ কৰিছে, যিহেতু তেওঁ পূৰ্বে এজন মিষ্ট্ৰী হিচাপে কাম কৰিছিল আৰু এতিয়া সমাজৰ সন্মুখীন হোৱা বৈষম্যৰ বাবে ভিক্ষাৰ দৰে দৰিদ্ৰতাৰ পথ বাছিছে।
