ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৮.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত জাপানৰ পৰা আৰম্ভ কৰি আমেৰিকাৰ পশ্চিম উপকূললৈকে সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ভূমিকম্পটো ভূপৃষ্ঠৰ ১৯.৩ কিলোমিটাৰ (১২ মাইল) গভীৰতাত সৃষ্টি হৈছিল। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি ইয়াৰ কেন্দ্ৰবিন্দু পেট্ৰ’পাভলভস্ক-কামচাটস্কিৰ পৰা পূব-দক্ষিণ-পূবে ১২৬ কিলোমিটাৰ (৮০ মাইল) দূৰত অৱস্থিত।ৰাছিয়ান একাডেমী অৱ চাইন্সেছৰ উদ্ধৃতিৰে গাৰ্ডিয়ানে প্ৰকাশ কৰিছে যে ১৯৫২ চনৰ পিছত এই অঞ্চলত হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্প।
এইটোও এতিয়ালৈকে হোৱা যৌথ ষষ্ঠ শক্তিশালী ভূমিকম্প। আঞ্চলিক জৰুৰীকালীন পৰিক্ৰমা মন্ত্ৰী চাৰ্গেই লেবেডেভৰ উদ্ধৃতিৰে গাৰ্ডিয়ানে প্ৰকাশ কৰা অনুসৰি কামচাটকাৰ কিছু অংশত ৩ৰ পৰা ৪ মিটাৰ উচ্চতাৰ চুনামীৰ ঢৌৱে আঘাত হানিছে। তাতো বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰশান্ত মহাসাগৰৰ সীমান্তৱৰ্তী আন দেশ যেনে জাপান, আমেৰিকাৰ পশ্চিম উপকূল, প্ৰশান্ত মহাসাগৰীয় দ্বীপ আৰু ভূখণ্ড যেনে হাৱাই আৰু গুৱাম আদিয়েও ভূমিকম্পৰ পিছত ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে।
দ্য গাৰ্ডিয়ানৰ তথ্য অনুসৰি জাপানত প্ৰথম চুনামী ঢৌৱে প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। ‘পেচিফিক ৰিং অৱ ফায়াৰ’ত অৱস্থিত কামচাটকা উপদ্বীপ। বিশ্বৰ কিছুমান সক্ৰিয় আগ্নেয়গিৰি আৰু বৃহৎ ভূমিকম্প এই ‘ৰিং অৱ ফায়াৰ’ অঞ্চলত সংঘটিত হয়, য’ত জাপানী, ফিলিপাইনছ আৰু ইণ্ডোনেছিয়ান দ্বীপপুঞ্জৰ লগতে প্ৰশান্ত মহাসাগৰৰ আন বহুতো দ্বীপ অন্তৰ্ভুক্ত।
