ভাৰতৰ কিছুমান আকৰ্ষণীয় আৰু বৈচিত্ৰময় প্ৰাকৃতিক দৃশ্যৰ মাজেৰে যাত্ৰা কৰিব বিচৰা সকলৰ বাবে ছিকিমৰ গেংটকত মুকলি কৰা হৈছে আমৰিটাৰা লাক্সাৰী ভিলা টস্কা, যিয়ে অঞ্চলটোৰ সমৃদ্ধ সংস্কৃতি আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ এক আড়ম্বৰপূৰ্ণ ছুটীৰ ক্ষণ উপহাৰ দিয়ে। আমৰিটাৰা হৈছে ভাৰতৰ কিছুমান আকৰ্ষণীয় আৰু বৈচিত্ৰ্যপূৰ্ণ দৃশ্যপট নিমজ্জিত স্থানৰ বুটিক বিলাসী হোটেল সংকলন। গেংটকত আমৰিটাৰা হোটেল আৰু ৰিজৰ্টত অতি সহজে পাহৰিব নোৱাৰা অবিস্মৰণীয় ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ই অন্যতম জনপ্ৰিয় থকাৰ বিকল্প কিয়নো তাছি ভিউ পইণ্ট, টচমগো হ্ৰদ আৰু ৰুমটেক বৌদ্ধ মঠৰ দৰে সুপৰিচিত স্থানলৈ সহজে যাব পাৰি আৰু পাকিয়ং আৰু বাগডোগ্ৰা বিমান বন্দৰ দুটাৰ ওচৰতে আছে।
আমৰিটাৰা বিলাসী ভিলা টস্কাই (Amritara Luxury Villa Tosca) ব্যক্তিগত পচন্দ পূৰণ কৰাৰ বাবে ৩টা বিলাসী চ্যুট বিকল্প আগবঢ়ায়, যাৰ ভিতৰত আছে কাংচেনজংঘাৰ আকৰ্ষণীয় দৃশ্যৰ সৈতে ৰোমাণ্টিক হনিমুন টেৰেছ চ্যুট, স্পেচিয়াছ ফেমিলী চ্যুট আৰু টু বেডৰুম চ্যুট।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি আমৰিটাৰা হোটেল এণ্ড ৰিজ’ৰ্ট কমাৰ্চিয়েলৰ ভাইচ প্ৰেচিডেণ্ট সৰ্ৱাৰ হান্সে (Mr. Sarvar Hans) কয়, “আমৰিতাৰাত আমাৰ অতিথিসকলক এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদান কৰাটোৱেই আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। জৈৱ বৈচিত্ৰ্যৰ বাবে প্ৰখ্যাত আৰু কাঞ্চনজংঘাৰ আতিথ্যই ছিকিমলৈ বহু পৰ্যটকক আকৰ্ষণ কৰে।”