অহা ৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।চলিত মাহৰ শেষৰ ফালে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰায় এমাহৰ ব্যৱধানত এয়া দ্বিতীয়টো অসম ভ্ৰমণ হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। ডিব্ৰুগড়ত উপস্থিত হৈ অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে।
