অমিতাভ বচ্চন আৰু মনোজ পাহৱাক লৈ শ্বিংগলছ ৰোগৰ সজাগতাৰ বাবে নতুন নতুন অভিযান মুকলি কৰিছে জিএছকেই

92

জিএছকেই শ্বিংগলছ ৰোগৰ সজাগতাৰ বাবে এক নতুন অভিযান আৰম্ভ কৰিছে, য’ত বিগ বি অমিতাভ বচ্চন আৰু মনোজ পাহৱাই অভিনয় কৰিছে। চিকেনপক্স(সৰু আই) আৰু শ্বিংগলছ ৰোগৰ মাজৰ বৈজ্ঞানিক সম্পৰ্ক ব্যাখ্যা কৰি আকৰ্ষণীয় ৰূপত প্ৰচাৰ কৰা হৈছে এই অভিযানত। প্ৰচাৰমূলক চলচ্চিত্ৰত দুজন বন্ধুৰ মাজত দৈনন্দিন কথোপকথন ব্যৱহাৰ কৰি শ্বিংগল আৰু মধুমেহ ৰোগ থকা লোকসকলৰ শ্বিংগলৰ বৰ্ধিত সংবেদনশীলতাৰ বিষয়টো দাঙি ধৰা হৈছে।

জিএছকেৰ ৰোগীৰ সবলীকৰণ বিভাগৰ মুৰব্বী বিজ্ঞেতা আগৰৱালে এই বিষয়ে কয় যে, ‘২০২৩ৰ এপিআই-ইপছ’ছৰ সমীক্ষাত দেখা গৈছে যে শ্বিংগলছ ৰোগ থকাসকলে এই বিষাদজনিত ৰোগৰ কাৰণৰ বিষয়ে অৱগত নহয়। ৫০ বছৰ বয়সৰ ওপৰৰ সকলো লোকে শ্বিংগলছ আৰু ইয়াৰ প্ৰতিৰোধৰ বিষয়ে জনাটো আজিৰ সময়ৰ বাবে প্ৰয়োজনীয়।”

পৰিচালক আৰ বাল্কিয়ে এই বিজ্ঞাপন চিনেমাখনৰ সৃষ্টিশীল অন্তৰ্দৃষ্টিৰ ওপৰত অভিমত প্ৰকাশ কৰি কয় যে, “শ্বিংগল হৈছে এনে এক ৰোগ যাক লৈ বহু লোকৰ ভ্ৰান্ত ধাৰণা আছে। শ্বিংগল আৰু চিকেনপক্সৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্যৰ বিষয়ে সহজে বুজি পোৱা ধৰণে আৰু আকৰ্ষণীয়ভাৱে উপস্থাপন কৰাটো আছিল আমাৰ বাবে প্ৰত্যাহ্বান।” ইউটিউব (মোবাইল আৰু সংযুক্ত টিভি), গুগল ডিছপ্লে, মেটা, নিৰ্বাচিত অ’টিটি প্লেটফৰ্ম, পেটিএম, গুগল পে আৰু সাধাৰণ মনোৰঞ্জন চেনেল (জিইচি), চিনেমাকে ধৰি একাধিক ধাৰা সামৰি লোৱা বিভিন্ন টিভি চেনেলকে ধৰি বিভিন্ন প্লেটফৰ্মত প্ৰচাৰমূলক ছবিখন মুক্তি পাব আৰু ইয়াক হিন্দী আৰু আঞ্চলিক ভাষাসমূহতো প্ৰচাৰৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও এই প্ৰচাৰ অভিযানৰ বাবে জনপ্ৰিয় টেলিভিছন কুইজ শ্ব’ কৌন বানেগা কড়োৰপতি(কেবিচি)ৰ সৈতেও সহযোগিতা কৰিছে।