৩২ বছৰীয়া কংগ্ৰেছী জীৱন ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিবলৈ সাজু হোৱা ভূপেন বৰাই সাক্ষাৎ লভিলে গৃহমন্ত্ৰী অমিত শ্বাহৰ। অহা ২২ ফেব্ৰুৱাৰীত বিজেপিত আনুষ্ঠানিকভাৱে যোগদানৰ পূৰ্বে ভূপেন বৰাক শ্বাহৰ সৈতে সাক্ষাৎ কৰাই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কইনাধৰাত শ্বাহ আৰু বৰাৰ মাজত সম্পন্ন হয় এক দীঘলীয়া বৈঠক।
ৰাজ্যিক অতিথিশালাৰ পৰা ওলাই অহাৰ পাছতেই জ্যেষ্ঠ নেতাগৰাকীয়ে নিজৰ নতুন ৰাজনৈতিক যাত্ৰাক লৈ যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হয়। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে যোৱা ৩২ ঘণ্টাত তেওঁ যি আন্তৰিকতা লাভ কৰিছে, সেয়া তেওঁৰ সুদীৰ্ঘ কংগ্ৰেছী জীৱনতকৈও অধিক প্ৰভাৱশালী আছিল। বিশেষকৈ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাসগৃহলৈ গৈ যাঁচি দিয়া সন্মানে তেওঁক সঠিক সিদ্ধান্ত লোৱাত আত্মবিশ্বাস যোগাইছে বুলি মন্তব্য কৰে ভূপেন বৰাই।
বৈঠকৰ মুহূৰ্তৰ কথা সুঁৱৰি তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে নিজেই মোক গৃহমন্ত্ৰীৰ সৈতে চিনাকি কৰাই দিছিল। মোৰ কোনো পৰিচয়ৰ প্ৰয়োজন হোৱা নাছিল, কাৰণ তেওঁ মোক ‘এজন শিক্ষকৰ পুত্ৰ’ হিচাপে অমিত শ্বাহৰ আগত দাঙি ধৰিছিল।” বিজেপি নেতৃত্বৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা বৰাই এতিয়া মুকলিকৈ কৈছে যে অমিত শ্বাহৰ হাততহে অসমৰ ভৱিষ্যত সম্পূৰ্ণ সুৰক্ষিত।
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত ভূপেন বৰাৰ দৰে এজন অভিজ্ঞ ৰাজনীতিবিদৰ এই পটপৰিৱৰ্তনে ৰাজ্যিক বিজেপিক এক নতুন মাত্ৰা প্ৰদান কৰিব। কইনাধৰাৰ এই হাই-প্ৰফাইল বৈঠকৰ পাছত এতিয়া কেৱল আনুষ্ঠানিকভাৱে গেৰুৱা পতাকা গ্ৰহণ কৰাটোহে বাকী ৰৈছে। এই ঘটনাই নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে যে এক মৰ্মান্তিক আঘাত হ’ব, সেয়া এতিয়া খাটাং হৈ পৰিছে।
