গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। পত্ৰৰ জৰিয়তে দেৱব্ৰত শইকীয়াই অসম-বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থাৰ ব্যাপক পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ আহ্বান জনাইছে।কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ লিখা পত্ৰত শইকীয়াই ২০২৫ চনৰ মে’ মাহৰ পৰা অসম আৰক্ষীয়ে সীমান্তত অবিৰতভাৱে বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰি থকাৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে নথি-পত্ৰবিহীন বাংলাদেশী নাগৰিকক বিতাড়ন কৰাৰ কথা বাৰে বাৰে স্বীকাৰ কৰাৰ বিপৰীতে বৰ্তমানৰ সীমা ব্যৱস্থাপনা আৰু সংস্থাসমূহৰ মাজত সমন্বয়ৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ উত্থাপন হৈছে ।তেওঁ উদ্বেগ প্ৰকাশ কৰে যে,এই পৰিস্থিতিয়ে কেইবাটাও চিন্তাৰ সৃষ্টি কৰিছে। প্ৰথমতে, প্ৰত্যাহ্বানমূলক ভৌগোলিক ভূখণ্ডত বিএছএফ নিয়োগৰ মূল্যায়নৰ প্ৰয়োজন। দ্বিতীয়তে, প্ৰত্যক্ষ পুছবেকত অসম আৰক্ষীৰ ধাৰাবাহিকভাৱে জড়িত হোৱাটোৱে কেন্দ্ৰীয় আৰু ৰাজ্যিক নিৰাপত্তা সংস্থাসমূহৰ মাজত সমন্বয়ৰ ব্যৱধানৰ দিশটোকে সূচায়। তৃতীয়তে, বিদেশী ন্যায়াধিকৰণ প্ৰক্ৰিয়া অবিহনে চলোৱা ৰাজ্য পৰ্যায়ৰ পুছবেকৰ পৰা উদ্ভৱ হোৱা সম্ভাৱ্য আইনী আৰু কূটনৈতিক জটিলতা।তদুপৰি দেৱব্ৰত শইকীয়াই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তাৎক্ষণিক হস্তক্ষেপৰ আহ্বান জনাই কেইবাটাও পৰামৰ্শ দিয়ে। তেওঁ কয় যে,বি এছ এফৰ নিয়োগ আৰু কাৰ্য্যকৰী কৌশলৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন। কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয়ৰ প্ৰট’কল শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন।
