আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

7

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণক লৈ এতিয়া যোৰহাটত ব্যস্ত হৈ পৰিছে মন্ত্ৰী-বিধায়কৰ লগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল। তিনি দিনত দেৰগাঁও, মিজোৰাম, কোকৰাঝাৰ, গুৱাহাটীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি নিশা উপস্থিত হ’ব যোৰহাটত। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়াকৈ অসম আৰু মিজোৰাম ভ্ৰমণৰ বাবে শুকুৰবাৰে নিশা যোৰহাটত উপস্থিত হ’ব।