জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তৰ জামিন নাকচ । অমৃতপ্ৰভাৰ জামিন আবেদন নাকচ কৰে কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে।আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ। জামিন আবেদনত এনেধৰণৰ ৰায়দানৰ আশা প্ৰকাশ গৰিমাৰ। গৰিমাই কয়, “অসুৰ কেইটাই শাস্তি পাবই লাগিব। জুবিন গাৰ্গৰ ইমান মৰমৰ পিছত এনে বিশ্বাসঘাটক কৰিব বুলি সপোনতো ভৱা নাছিলোঁ।”১৩ ফেব্ৰুৱাৰীত তাৰিখে গোচৰটোৰ পৰবৰ্তী শুনানি।
