আমেৰিকাৰ কেইবাখনো ৰাজ্যত অহা শীতকালীন ধুমুহাৰ বাবে হ্ৰাস হৈছে তাপমাত্ৰা ৷ যাৰ ফলত অতিমাত্ৰা শীতৰ কবলত পৰিছে ৰাজ্যকেইখন ৷ প্ৰচণ্ড শীতৰ বাবেই মৃত্যুক সাবটিছে ১৫ জন লোকে ৷ এই খবৰ প্ৰকাশ কৰিছে চি এন এনে ৷দক্ষিণ আমেৰিকাত অহা এই ধুমুহাৰ ফলত বিশেষকৈ টেক্সাছ, লুইজিয়ানা, মিচিচিপি আৰু টেনেচিত প্ৰচণ্ড শীতৰ মাজত বহু অঞ্চল বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে ।সমগ্ৰ দেশতে পৰিছে এই ধুমুহাৰ প্ৰভাৱ ৷ সোমবাৰে আমেৰিকাৰ ৪৮ খন ৰাজ্যৰ ভিতৰত ৫৬ শতাংশতকৈ অধিক ৰাজ্যত বৰফ পৰে । নিউ মেক্সিকোৰ পৰা মেইনলৈকে কমেও ১৮ খন ৰাজ্যত এক ফুট বা তাতকৈ অধিক আকাৰৰ বৰফ পৰাৰ তথ্য পোৱা গৈছে ।
