সমাগত অম্বুবাচী মেলা। পুনৰ এবাৰ লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈছে মা কামাখ্যা ধাম। অম্বুবাচীৰ সময়ত যাতে ভক্তৰ সুৰক্ষা নিশ্চিত থাকে তাৰ বাবে প্ৰশাসনে বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে।অহা ২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মহাযোগ। প্ৰতিবাৰৰ দৰে এইবাৰো অম্বুবাচী সুচাৰুৰূপে আযোজন কৰিবলৈ সাজু হৈছে প্ৰশাসন আৰু কামাখ্য মন্দিৰ পৰিচালনা সমিতি। কামাখ্য ধামত ভক্তৰ সুৰক্ষাৰ বাবে মহানগৰ প্ৰশাসন আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে যুটীয়াভাবে নিৰ্দেশনা জাৰি কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি, আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি।২৬ আৰু ২৭ জুনত নাথাকে কোনো VIP বা VVIP দৰ্শনৰ ব্যৱস্থা। এই দুটাদিন সাধাৰণ ভক্তই দৰ্শনৰ সুবিধা লাভ কৰিব। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এই দুদিন কামাখ্যালৈ নাহিবলৈ অনুৰোধ জনাইছে। প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি, ভক্তই পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকেহে নিলাচল পাহাৰৰ ওপৰলৈ উঠিব পাৰিব। ৩-৪ ঘন্টাৰ ভিতৰত দৰ্শন শেষ কৰি ভক্তসকল উভতিব লাগিব। এই সময়চোৱাত কোনো ভক্তই কামাখ্যা মন্দিৰ প্ৰাংগনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰিব।
