২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হৈছে মহা অম্বুবাচী মেলা ৷ নীলাচলৰ বুকুত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে। সাধু-সন্ন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম। নীলাচলৰ বুকুত বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে।ভক্ত-দৰ্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে কামাখ্যা দেৱালয়ত । আজি পুৱাৰে পৰা কামাখ্যা ধামত দেখা গৈছে অজস্ৰ ভক্তৰ সমাগম।দেৱী পুৰাণত উল্লেখ কৰা অনুসৰি ৫১ খন শক্তি পীঠৰ ভিতৰত অন্যতম হৈছে কামাখ্যা দেৱীৰ মন্দিৰ। প্ৰতি বছৰে বহু ভক্তই কামাখ্যা মন্দিৰলৈ আহি দেৱীৰ দৰ্শন কৰে। কেৱল সেয়াই নহয়, সমগ্ৰ ভাৰতৰ পৰা বৃহৎ সংখ্যক সাধু-সন্যাসী আৰু তান্ত্ৰিক ইয়ালৈ আহে।শক্তিপীঠ কামাখ্যাত দেশী-বিদেশী ভক্তৰ লগতে কিন্নৰ সমাজেও আৰম্ভ কৰিছে বিশেষ পূজা-অৰ্চনা।
