অহা ২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। এই সন্দৰ্ভত পল্টন বজাৰৰ মুখ্য কাৰ্যালয়ত অসম পৰ্যটন বিভাগে এক উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰি অনুষ্ঠানটোৰ প্ৰস্তুতিক লৈ আলোচনা কৰে।সংবাদমেলত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে নিশ্চিত কৰে যে ২২ জুনত বিয়লি ২:৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব আৰু ২৬ জুনত পুৱা ৩:০০ বজাত নিবৃত্তিৰ সৈতে অম্বুবাচী মেলাৰ সামৰণি পৰিব। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে ভক্তসকলক আধ্যাত্মিক অনুশাসনৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে ইয়াক বাণিজ্যিক মেলাৰ দৰে গণ্য নকৰিবলৈ আহ্বান জনায়।এইবাৰ অম্বুবাচী মেলাৰ বাবে ৪ কোটি ৫৫ লাখ টকা ব্যয় ধাৰ্য কৰিছে চৰকাৰে । এই কথা জানিবলৈ দিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । দৰ্শনাৰ্থীসকলক মন্দিৰ চৌহদৰ ভিতৰত জোতা-চেণ্ডেল পৰিধান কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে কৰ্তৃপক্ষই । ইয়াৰ পৰিৱৰ্তে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আৰু ধৰ্মীয় নীতি-নিয়মক সন্মান কৰিবলৈ মোজা পিন্ধাৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰিও তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ বাবে তলৰ গেটৰ পৰা অহা-যোৱা কৰা কাৰ্পেটযুক্ত পথ আৰু খোৱাপানীৰ ষ্টেচনৰ দৰে বিশেষ ব্যৱস্থা কৰা হ’ব।
