সকলো ব্যৱসায়িক গ্ৰাহকক বিশেষ লেনদেন আৰু অফাৰ প্ৰদানৰ বাবে ২০২৩ চনৰ ২৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈ ব্যৱসায়িক মূল্য দিন আৰম্ভ কৰিছে আমাজন বিজনেছে। গ্ৰাহকসকলে লেপটপ, স্মাৰ্টৱাচ, পাকঘৰ আৰু ঘৰৰ সঁজুলি, গৃহ উন্নয়ন সামগ্ৰী, ইলেক্ট্ৰনিক সামগ্ৰী, এচি, আনুষংগিক সামগ্ৰী, কাৰ্যালয়ৰ সামগ্ৰীত অধিক পৰিমাণে ৰেহাই লাভ কৰিব পাৰে। ২৫০০ টকা বা তাতকৈ অধিক প্ৰিপেইড অৰ্ডাৰ কৰিলে ৫০০ টকা পৰ্যন্ত ১০% কেছবেক লাভ কৰিব পাৰে।
ইয়াৰ লগতে গ্ৰাহকসকলে ঘৰুৱা আৰু পাকঘৰৰ সঁজুলিত ৭০% পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰে। একেদৰে, কাৰ্যালয়ৰ আচবাবত ৬০% ৰেহাই আৰু লেপটপত ৬০% ৰেহাই লাভ কৰিব পাৰে গ্ৰাহকসকলে।এণ্টাৰপ্ৰাইজৰ গ্ৰাহকসকলে মাল্টি-ইউজাৰ একাউণ্ট, পে লেটাৰ(পিছতপৰিশোধ), বিল টু শ্বিপ টু আৰু ব্যৱসায়িক ক্ৰয় অধিক কাৰ্যকৰী কৰিবলৈ অনুমোদনৰ দৰে বৈশিষ্ট্যৰ সুবিধাও ল’ব পাৰে। এই ইভেণ্টৰ টপ কেটেগৰীত ১৯ কোটিৰো অধিক জিএছটি সক্ষম সামগ্ৰী আকৰ্ষণীয় মূল্যত প্ৰদান কৰা হয় আৰু ১০ হাজাৰৰো অধিক বিক্ৰেতাই ব্যৱসায়িক প্ৰতিষ্ঠানক ডাঙৰ ডাঙৰ সামগ্ৰী বিক্ৰী কৰাৰ সুবিধা প্ৰদান কৰে।
বৰ্তমানৰ আমাজন বিজনেছ গ্ৰাহকসকলে ব্যৱসায়িক একাউণ্টত চাইন ইন কৰাৰ পিছত ইভেণ্টৰ বিষয়ে অধিক তথ্য লাভ কৰিব পাৰে। আনহাতে নতুন গ্ৰাহকসকলে https://business.amazon.inত এটা বিনামূলীয়া একাউণ্ট সৃষ্টি কৰি চাব পাৰে আৰু তথ্য লাভ কৰিব পাৰে। গ্ৰাহকসকলে buybulk@amazon.comলৈ ই-মেইল প্ৰেৰণ কৰিও বৃহৎ অৰ্ডাৰ দিব পাৰে।
