আমাজন ইণ্ডিয়াই শেহতীয়া অভিযান ‘খুছিয়া অপনো কি, ঔৰ অপনি ভি’ আৰম্ভ কৰিছে, গ্ৰাহকসকলক উৎসৱৰ বতৰত নিজৰ কল্যাণ আৰু প্ৰিয়জনক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। এই অভিযানে নিজৰ যতন আৰু আত্ম-প্ৰেমৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰিছে। লগতে গ্ৰাহকসকলক ‘আমি’ৰ ভিতৰত ‘মই’ক আঁকোৱালি ল’বলৈ আৰু নিজৰ কল্যাণক উপেক্ষা নকৰিবলৈ আহ্বান জনাইছে। এই আনন্দৰ সময়ত উষ্ণতা আৰু হাঁহি সিঁচি দিয়া, মানুহক নিজৰ কল্যাণক সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ আৰু উষ্ণতা বিয়পাবলৈ সোঁৱৰাই দিয়াই হৈছে এই অভিযানৰ উদ্দেশ্য।
ধাৰণাভিত্তিক এই অন্তৰ্দৃষ্টিয়ে যে প্ৰকৃত উদযাপন প্ৰস্ফূটিত কৰে তেতিয়াহে, যেতিয়া ‘মই’ আৰু ‘আমি’ দুয়ো সুখী হয় বা স্বপ্ন পূৰণ হয়। এই ডিজিটেল সম্পদে এক সোঁৱৰণী হিচাপে কাম কৰে যে আত্ম-যতন/আত্ম-প্ৰেমৰ অভ্যাস কৰাটো স্বাৰ্থপৰ কাম নহয় বৰঞ্চ এয়া এক প্ৰয়োজনীয়তাহে। এই আৱেগক ভিডিঅ’টোত বন্দী কৰা হৈছে য’ত এগৰাকী মাতৃ আৰু কন্যাৰ মাজত থকা প্ৰেমৰ বন্ধন/সম্পৰ্ক দেখুওৱা হৈছে। এই বিষয়ে আমাজন ইণ্ডিয়াৰ উপাধ্যক্ষ নুৰ পেটেলে কয় যে, “আমাৰ এই অভিযান গ্ৰাহকৰ অন্তৰ্দৃষ্টিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু আৰু গ্ৰাহকসকলে তেওঁলোকৰ প্ৰিয়জনৰ সৈতে নিজৰ প্ৰয়োজনীয়তাৰ যত্ন লৈ উৎসৱৰ বতৰ উদযাপন কৰিবলৈ আহ্বান জনোৱা মানসিকতাৰ পৰিৱৰ্তনক জীৱন্ত কৰি তুলিছে।”
আমাজনৰ “খুছিয়া অপনো কি, ঔৰ অপনি ভি” অভিযানত এগৰাকী মাতৃয়ে উৎসৱৰ বতৰৰ বাবে প্ৰস্তুতি চলাই আছে। প্ৰথম অৱস্থাত নিজৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এই কেম্পেইনত। অৱশ্যে এটা পাকত প্ৰকাশ কৰে যে তাই নিজৰ কথা ভাবিছে। এই অভিযানত ক্লাছিক মাতৃৰ হাস্যৰস, অভিব্যক্তিমূলক অভিনয় আৰু ভাৰতীয় আৱেগিক সূক্ষ্মতাক প্ৰদৰ্শন কৰা হৈছে, যিয়ে চাই থকা যিকোনো ব্যক্তিৰ মুখলৈ হাঁহি বিৰিঙাই আনিছে।
