আমাজনে বেংগালুৰুত তৃতীয় এমেজৱিট – আমাজন ৱমেন ইন টেকন’লজী সন্মিলনৰ আয়োজন কৰে, য’ত প্ৰযুক্তি খণ্ডত মহিলাসকলৰ বাবে উন্নীতকৰণ আৰু কেৰিয়াৰৰ সুযোগ প্ৰদানৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়। এই হাইব্ৰিড সন্মিলনত নিৰ্ধাৰিত কৰা অধিবেশন, নেটৱৰ্কিঙৰ সুযোগ আৰু উদ্ভাৱনীমূলক প্ৰযুক্তি আৰু পেছাদাৰী অগ্ৰগতিৰ বিষয়ে জানিবলৈ সুযোগ প্ৰদান কৰা হয়। ‘এম্পাৱাৰিং ইনক্লুছন, ফষ্টাৰিং বিলংগিং বা অন্তৰ্ভুক্তিৰ ক্ষমতা প্ৰদান, স্বকীয়তা বৃদ্ধি’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিত এই অনুষ্ঠানে সমগ্ৰ প্ৰযুক্তি খণ্ডৰ মহিলাসকলক অনুপ্ৰেৰণামূলক উদাহৰণ আৰু অভিজ্ঞতাৰ জৰিয়তে শিকিবলৈ সক্ষম কৰি তুলিছিল।
উল্লেখ্য যে, এমেজউইট ২০২৩ সন্মিলনত উদ্ভাৱন, সামগ্ৰিকতা, অন্তৰ্ভুক্ত প্ৰযুক্তি দল গঠন, যন্ত্ৰ শিক্ষণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু আমাজন পে প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এই সন্মিলনত নেটৱৰ্কিঙৰ সুযোগ আৰু চিন্তা-উদ্দীপক মূল বক্তব্য আগবঢ়োৱা হৈছিল। এমেজউইট সন্মিলন ২০২৩-এ ৪০০+ অংশগ্ৰহণকাৰীক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল, যাৰ ভিতৰত প্ৰযুক্তি খণ্ডৰ নেতৃত্ববাহী, ছফ্টৱেৰ বিকাশৰে জড়িত মহিলা, আৰু মহিলা শিক্ষাৰ্থী অন্যতম। আমাজনে তথ্যমূলক বুথৰ জৰিয়তে নিজৰ শেহতীয়া প্ৰকল্প, উদ্ভাৱন আৰু প্ৰযুক্তিৰ দৃষ্টিভংগী প্ৰদৰ্শন কৰিছিল। প্ৰযুক্তিবিদ্যাত মহিলাক চেম্পিয়ন হিচাপে গঢ়ি তুলিবলৈ আমাজনৰ ভূমিকাক পুনৰ দৃঢ় কৰি তুলিলে এমেজউইট ২০২৩ সন্মিলনে। মহিলাক প্ৰযুক্তি সম্প্ৰদায়ত উৎকৃষ্ট বা সৰ্বশ্ৰেষ্ঠ হ’বৰ বাবে আৰু গ্ৰাহকৰ প্ৰত্যাহ্বানসমূহৰ বাবে উদ্ভাৱনীমূলক সমাধান প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰে।
এমেজৱিট সন্মিলনৰ বিষয়ে উল্লেখ কৰি পিপল এক্সপেৰিয়েন্স এণ্ড টেকন’লজী, আমাজন ষ্ট’ৰ্ছ – ভাৰত, জাপান আৰু ইমাৰ্জিং মাৰ্কেটছৰ ভিপি দীপ্তি বৰ্মাই কয় যে, “আমাজনত, আমি অধিক বৈচিত্ৰ্যপূৰ্ণ আৰু সামগ্ৰিক কৰ্মক্ষেত্ৰ সৃষ্টিৰ গুৰুত্বক স্বীকাৰ কৰি আহিছোঁ আৰু বিশ্বাস কৰোঁ যে আমেজউইটৰ দৰে প্ৰয়াসে এই লক্ষ্য প্ৰাপ্ত কৰাত এক উল্লেখযোগ্য ভূমিকা পালন কৰিব।”