চহেলি কাৰ্যসূচীক আগুৱাই লৈ যোৱাৰ বাবে আমাজন ইণ্ডিয়া আৰু গেমৰ বুজাবুজি চুক্তি স্বাক্ষৰ

173

আমাজন ইণ্ডিয়াই ভাৰতত বিভিন্ন প্ৰান্তৰ আৰু বিশেষভাৱে টায়াৰ-২, টায়াৰ-৩ চহৰৰ মহিলা উদ্যোগীসকলৰ ডিজিটেল সামৰ্থ্য বৃদ্ধিৰ বাবে গ্ল’বেল এলায়েন্স ফৰ মাছ এণ্টাৰপ্ৰেনিউৰশ্বিপ (গেম)ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । এই অংশীদাৰিত্বৰ জৰিয়তে প্ৰায় ২৫,০০০ মহিলা উদ্যোগী আৰু শিল্পীক ডিজিটেল উদ্যমিতা যাত্ৰাত সহায়, ব্যৱসায়িক ক্ষমতা বিকাশৰ ক্ষেত্ৰত ইনপুট প্ৰদান, ডিজিটেল বিপণন দক্ষতাৰ ব্যৱধান দূৰ কৰা আৰু সংগৃহীত ব্ৰেণ্ড হিচাপে একত্ৰিত কৰিবলৈ সক্ষম কৰি তোলাৰ লক্ষ্য বান্ধি লৈছে। ভাৰতত ক্ষুদ্ৰ, মধ্যম আৰু মজলীয়া উদ্যোগ (এম এছ এম ই)ৰ বিকাশ ত্বৰান্বিত আৰু স্থায়ী কৰি ৰখাৰ বাবে বিশাল পৰিসৰত উদ্যোগীকৰণৰ সহযোগী বিকাশ আৰু সুবিধা প্ৰদান কৰাও এই বুজাবুজি চুক্তিৰ প্ৰধান উদ্দেশ্য।

আমাজন কাৰিগৰ আৰু চহেলি কাৰ্যসূচীয়ে বিত্তীয় বিনিয়োগ অবিহনে এই উদ্যোগৰ সৈতে জড়িত বিক্ৰেতা আৰু উদ্যোগীৰ বাবে কৰ্মশালা/প্ৰশিক্ষণ, অনবৰ্ডিং আৰু এএম সমৰ্থন আগবঢ়াব। শেহতীয়া ডিজিটেল বিপণন প্ৰয়াস, পাৰ্ফমেন্স মাৰ্কেটিং, সামগ্ৰী তালিকাভুক্তি অনুকূলিত কৰাৰ লগতে বিজ্ঞাপন কৌশল সম্বন্ধে প্ৰশিক্ষণ আৰু সমৰ্থন প্ৰদান কৰিব মহিলা উদ্যোগীসকলক, যাৰ ফলত এইসকল মহিলাই ডিজিটেল বজাৰত বৰ্তমান আৰু ভৱিষ্যতৰ ট্ৰেণ্ডৰ সৈতে খাপ খুৱাবলৈ সজ্জিত কৰি তুলিব। তেওঁলোকে মূল্যৱান ডাটা-চালিত অন্তৰ্দৃষ্টি আৰু সঁজুলি, গ্ৰাহকৰ আচৰণ আৰু বজাৰৰ ট্ৰেণ্ডৰ ওপৰত উন্নীত জ্ঞান বা বাৰ্তা লাভ কৰিব।

এই বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি গ্লোবেল এলায়েন্স ফৰ মাছ এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ অধ্যক্ষ কেতুল আচাৰ্যই কয় যে, “চহেলি প্ৰগ্ৰামৰ বাবে আমাজনৰ সৈতে অংশীদাৰিত্ব কৰি আমি অতিশয় আনন্দিত হৈছোঁ। এই অংশীদাৰিত্বৰ জৰিয়তে গেম(জিএএমই)ত ডব্লিউইইয়ে মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ সৈতে জড়িত বিভিন্ন প্ৰত্যাহ্বান আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আমাজনক সমৰ্থন কৰিছে।”