আমাজন ডট ইনৰ উৎসৱ অনুষ্ঠান, ‘দ্য গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল’ (জিআইএফ) ২০২১ ৪ অক্টোবৰ, ২০২২১-ৰ পৰা আৰম্ভ হ’ব। ক্ষুদ্ৰ মজলীয়া ব্যৱসায় (এছ.এম.বি.) সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখি, আমাজনজিআইএফ ২০২১ ৪৫০ খন চহৰৰ ৭৫,০০০ ৰো অধিক স্থানীয় দোকানসহ লাখ লাখ ক্ষুদ্ৰ বিক্ৰেতাৰ বাবে সমৰ্পিত, যি সমগ্ৰ দেশৰ গ্ৰাহকসকলক তেওঁলোকৰ অনন্য সামগ্ৰী বাছনি আগবঢ়ায়। জিআইএফ২০২১-এ আমাজন লঞ্চপেড, আমাজন চাহেলি, আমাজন কাৰিগাৰৰ দৰে অন্যান্য বিভিন্ন কাৰ্যসূচীৰ অধীনত আমাজন বিক্ৰেতাৰ পৰা সামগ্ৰী প্ৰদৰ্শন কৰিব, লগতে বিভিন্ন শ্ৰেণীত শীৰ্ষ ভাৰতীয় আৰু গোলকীয় ব্ৰেণ্ডপ্ৰদৰ্শন কৰিব।
গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলত চেমচাং, ৱানপ্লাছ, জিয়াওমি, চনি, এপল, বোট আদিৰ দৰে শীৰ্ষ ব্ৰেণ্ডৰ পৰা ১০০০ তকৈও অধিক নতুন সামগ্ৰী মুকলি কৰা হ’ব। গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেলত গ্ৰাহকসকলে ১০০০ টকাৰ উপহাৰ কাৰ্ড ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ বাবে ১০০০ টকাৰ এক বিস্তৃত পুৰস্কাৰ, আমাজন পে বেলেন্সত টকা যোগ দি ২০০ টকাৰ পুৰস্কাৰ, আৰু আমাজন পে ইউপিআই ব্যৱহাৰ কৰোঁতে বজাৰত ১০% টকালৈকে কেছবেক প্ৰাপ্ত কৰিব পাৰে। এই ঘোষণাসন্দৰ্ভত মন্তব্য কৰি আমাজন ইণ্ডিয়াৰ উপ-সভাপতি মনীষ তিৱাৰীয়ে কয়, “এই বছৰৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল হৈছে স্থানীয় দোকান আৰু ক্ষুদ্ৰ আৰু মজলীয়া বিক্ৰেতাৰ স্থিতিস্থাপকতাৰ উৎসৱ।”
