অমৰনাথলৈ ভক্তৰ সোঁত । বৃহস্পতিবাৰে ১৫৮৬ গৰাকী মহিলা আৰু ২৫ শিশুসহ ৭,৩০৭ গৰাকী তীৰ্থযাত্ৰী ভগৱান নগৰৰ বেছ কেম্পৰ পৰা অমৰনাথলৈ ৰাওনা ।৩ জুলাইৰ পৰা আৰম্ভ হোৱা এই বাৰ্ষিক তীৰ্থযাত্ৰাত সামগ্ৰিকভাৱে ভক্তৰ সংখ্যাই ইতিমধ্যে ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে ।বৃহস্পতিবাৰেও তাৰ ব্যতিক্ৰম নহ’ল, জম্মুৰ ভগৱতী নগৰ বেছ কেম্পৰ পৰা ৭,৩০০ ৰো অধিক তীৰ্থযাত্ৰী ৰাওনা হয় দক্ষিণ কাশ্মীৰৰ হিমালয়ত অৱস্থিত অমৰনাথৰ বাৰ্ষিক তীৰ্থযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ।প্ৰশাসনে জনোৱা অনুসৰি, পুৱা ৩:১৫ বজাৰ পৰা ৩:৫৮ বজাৰ ভিতৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৫,৫৩৪ পুৰুষ, ১,৫৮৬ গৰাকী মহিলা, ২৫ গৰাকী শিশু আৰু ১৬২ গৰাকী সাধু-সন্তকে ধৰি ৭,৩০৭ জনীয়া নৱমটো দলে ২৮৪ খন বাহনৰে যাত্ৰা আৰম্ভ কৰে ।
