ৰাজ্যজুৰি চলি থকা মিছন বসুন্ধৰা ৩.০-ৰ অংশ হিচাপে শুকুৰবাৰে বোকাখাত সমষ্টিৰ ৬৪৫ গৰাকী হিতাধিকাৰীৰ মাজত চৰকাৰী ভূমিৰ পট্টা বিতৰণ কৰা হয়। বোকাখাত কেন্দ্ৰীয় বিহু পথাৰত আয়োজিত এক অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই এই ভূমি পট্টাসমূহ হিতাধিকাৰীৰ হাতত অৰ্পণ কৰে। নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰে গ্ৰহণ কৰা এই বৃহৎ ভূমি নিষ্পত্তি অভিযানৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ ভোটাৰক প্ৰভাৱিত কৰাৰ লক্ষ্য লোৱা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।
বোকাখাত উপ-সংমণ্ডলীয় প্ৰশাসন আৰু ৰাজহ বিভাগৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মন্ত্ৰী বৰাই জানিবলৈ দিয়ে যে ৰাজ্যৰ ৯৭ টা সমষ্টিত এই ভূমি নিষ্পত্তি অভিযান চলাই থকা হৈছে। মিছন বসুন্ধৰাৰ জৰিয়তে সমগ্ৰ অসমত প্ৰায় ১.০৬ লাখতকৈ অধিক লোকে ভূমিৰ অধিকাৰ লাভ কৰিব বুলিও তেওঁ দাবী কৰে। আজিৰ এই কাৰ্যসূচীত ব্যক্তিগত হিতাধিকাৰীৰ লগতে কেইবাটাও ৰাজহুৱা অনুষ্ঠানকো ভূমি পট্টা প্ৰদান কৰা হয়।
কৃষিমন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাঁচ বছৰীয়া কাৰ্যকালত ভূমি সম্পৰ্কীয় বহু পুৰণি সমস্যা সমাধান কৰা হৈছে।”
তেওঁ লগতে কয়, “বংশানুক্ৰমে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থকা জনগোষ্ঠীয় লোকসকলক এই আঁচনিৰ জৰিয়তে আইনী মালিকীস্বত্ব প্ৰদান কৰা হৈছে।” চৰকাৰে ইয়াৰ জৰিয়তে ভূমি ৰেকৰ্ড উন্নীতকৰণ আৰু প্ৰকৃত হিতাধিকাৰীক ভূমিৰ গৰাকী কৰাৰ দাবী কৰিছে যদিও বিৰোধীয়ে ইয়াক নিৰ্বাচনী চমক বুলিহে অভিহিত কৰিছে।
