চলিত বৰ্ষৰ প্ৰথম ভাগতে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ এতিয়া যথেষ্ট গৰম হৈ পৰিছে। প্ৰতিটো দলেই যুদ্ধংদেহী মনোভাবেৰে নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰখাৰ মাজতে দলীয় সংঘাত আৰু বোকা চটিওৱা খেলো তীব্ৰতৰ হৈ পৰিছে। শাসকীয় পক্ষই জনসাধাৰণক আকৰ্ষণ কৰিবলৈ নিত্য নতুন আঁচনি ঘোষণা কৰিছে যদিও বিৰোধীয়ে অন্যায়-অনিয়ম আৰু সাম্প্ৰদায়িক বিভাজনৰ অভিযোগ উত্থাপন কৰি চৰকাৰক বিবুধিত পেলাইছে। এনে এক সন্ধিক্ষণতে অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত এক ডাঙৰ সাংগঠনিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।
নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত অসম প্ৰদেশ কংগ্ৰেছে দলৰ যুটীয়া সচিব শ্বাহনাৱাজ আহমেদক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বন কৰিছে। আহমেদৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগ কৰা আৰু দলৰ ভাবমূৰ্তি নষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে লোৱা এই সিদ্ধান্তই এতিয়া ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, আহমেদে দলীয় কৰ্মীসকলৰ মাজত ইচ্ছাকৃতভাৱে ৰাজনৈতিক ঘৃণাৰ সৃষ্টি কৰিছিল, যাৰ বাবে পৰৱৰ্তী জাননী নিদিয়ালৈকে তেওঁক নিলম্বিত কৰি ৰখা হয়।
এ পি চি চিৰ সাধাৰণ সম্পাদক (সংগঠন) বিপুল গগৈৰ স্বাক্ষৰিত এই নিৰ্দেশৰ প্ৰতিলিপি জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াকে ধৰি দলৰ সকলো জ্যেষ্ঠ নেতালৈ প্ৰেৰণ কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক প্ৰত্যাহ্বানৰ মাজতো দলীয় নেতৃত্বই আভ্যন্তৰীণ অনুশাসন বলবৎ কৰিবলৈ গ্ৰহণ কৰা এই পদক্ষেপক ৰাজনৈতিক বিশ্লেষকসকলে যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰিছে।
