স্কোডাই আগবঢ়াব সম্পূৰ্ণ নতুন কমপেক্ট এছইউভি

764

স্কোডা অটো ইণ্ডিয়াই ভাৰতত এক সম্পূৰ্ণ-নতুন কম্পেক্ট এছইউভিৰ পৰিকল্পনা কৰাৰ কথা ঘোষণা কৰিছে, এই বাহনখন হ’ব তৃতীয়খন মেড-ফৰ-ইণ্ডিয়া বাহন। কুশ্বাক আৰু শ্লাভিয়াৰ দৰেই এই বাহনখনো এমকিউবি-এ০-ইন প্লেটফৰ্মৰ ওপৰত আধাৰিত হ’ব। আগন্তুক ২০২৬ চনৰ বাবে কোম্পানীটোৱে স্কোডা অটো ইণ্ডিয়াৰ বাবে বাৰ্ষিক ১০০,০০০ উত্পাদন কৰি গ্ৰাহকক প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে আৰু স্থানীয়কৰণ আৰু কম তত্বাৱধান খৰচৰ প্ৰতিও সমানে প্ৰতিশ্ৰুতিবদ্ধ। এমকিউবি-এ০-ইন প্লেটফৰ্মে ইতিমধ্যে ভাৰত আৰু বিশ্বত নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছে।

উল্লেখ্য যে, কুশ্বাক আৰু শ্লাভিয়াই ক্ৰমান্বয়ে ২০২২ৰ অক্টোবৰ আৰু ২০২৩ৰ এপ্ৰিলত গ্লোবেল এনচিএপি দুৰ্ঘটনা পৰীক্ষাত প্ৰাপ্তবয়স্ক আৰু শিশু আৰোহীসকলৰ ক্ষেত্ৰত সম্পূৰ্ণ ৫-ষ্টাৰ ৰেটিং লাভ কৰিছে। কোম্পানীটোৰ স্থানীয়কৰণক সৰ্বাধিক অগ্ৰাধিকাৰ আৰু নিৰাপদ ফ্লিটে গাড়ীখন ৯৫% পৰ্যন্ত লোকেলাইজ(স্থানীয়কৰণ) কৰি তুলিছে, যাৰ ফলত গ্ৰাহকসকলে গাড়ীখনৰ মালিকীস্বত্ব আৰু টাৰ্ণআউট কম খৰচতে উপভোগ কৰিব পাৰিব।

নেময়ৰস্কোডা অভিযানে দেশজুৰি নতুন কম্পেক্ট এছইউভিৰ সম্ভাৱ্য নাম প্ৰস্তাৱৰ বাবে আহ্বান জনাইছে। এই বিষয়ে স্কোডা অটো এএছৰ চিইঅ’ ক্লাউছ জেলমাৰে কয় যে, স্কোডা অটোৰ বিশ্বব্যাপী সমৃদ্ধিৰ বাবে ভাৰত হৈছে অতি গুৰুত্বপূৰ্ণ। ২০২৫ত বজাৰলৈ আহিবলগীয়া সম্পূৰ্ণ নতুন কমপেক্ট এছইউভিখনে গ্ৰাহকৰ গুৰুত্বপূৰ্ণ ছেগমেণ্ট যোগ কৰি নতুন মাত্ৰা প্ৰদান কৰিব আৰু ২০৩০ চনৰ ভিতৰত ভক্সৱেগন পৰিয়ালৰ ব্ৰেণ্ডৰ বজাৰ অংশীদাৰিত্ব প্ৰায় ৫% লাভ কৰাত অৰিহণা যোগাব।