অল ইণ্ডিয়া স্মল নিউজপেপাৰ এছোচিয়েচন, চমুকৈ আইসনা অসম শাখাৰ তথ্য আৰু বিৱৰণ প্ৰেৰণ জনসংযোগ বিভাগক

96

তথ্য আৰু জনসংযোগ বিভাগৰ দায়িত্ব পোৱাৰ পিছতেই মন্ত্ৰী পিযুষ হাজৰিকাই বিভাগটোক পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপত সজাই পৰাই তোলাত উঠি পৰি লাগিছে। কিছুদিন পূর্বে মন্ত্ৰী পিযূষ হাজৰিকাই বিভাগীয় বিষয়া আৰু সাংবাদিক সংগঠনৰ প্ৰতিনিধিৰে এখন বৈঠকত মিলিত হয় আৰু তাত সাংবাদিক সকলক আৰ্থিক ভাৱে সকাহ দিয়াৰ বাবে সাংবাদিক সকলৰ পূৰ্বৰ যি পেঞ্চন ৰাখি ৮ হাজাৰ আছিল তাৰ পৰিৱৰ্তে ১০ হাজাৰলৈ বৃদ্ধি কৰাৰ লগতে সাংবাদিক সকলে বিগত সময় চোৱাত যিবোৰ অসুবিধাৰ সন্মুখীন হৈ আছে সেই সমূহক নিষ্পত্তি কৰাৰ বাবে মন্ত্ৰীয়ে বিষয়া সকলক নিৰ্দেশ দিয়াৰ লগতে এক পত্ৰ যোগে সাংবাদিক সংগঠনবোৰৰ পৰা তেওঁলোকৰ সম্পূৰ্ণ বিৱৰণ বিচাৰি এই মাহৰ শেষৰ ফালে জন সংযোগ বিষয়াৰ কাৰ্যালয়ত তেওঁলোকৰ সম্পূৰ্ণ বিৱৰন দাখিল কৰিবলৈ জনাইছিল। সেইমৰ্মে বিভিন্ন সংগঠনে ইতিমধ্যে তেওলোকৰ নিজৰ নিজৰ সংগঠনবোৰৰ সদস্য সম্বলিত তথ্য সমূহ জনসংযোগ বিভাগৰ কাৰ্য্যলয়ত দাখিল কৰিবলৈ লৈছে । ইয়াৰ পৰিপ্ৰেক্ষিততে ভাৰতবৰ্ষৰ ক্ষুদ্ৰ সংবাদপত্ৰৰ সৰ্ববৃহৎ সংগঠন অল ইণ্ডিয়া স্মল নিউজ পেপাৰ এছোচিয়েচন চমুকৈ আইসনা’ৰ অসম ৰাজ্যিক সমিতিয়েও জন সংযোগ কাৰ্যালয়ত তেওঁলোকৰ সম্পূৰ্ণ বিৱৰণ পঠিয়াইছে।

সংগঠনৰ ৰাজ্যিক কমিটিৰ সাধাৰন সম্পাদক কুলদ্বীপ ডেকাৰ সাক্ষৰিত পত্ৰৰে পঠিয়াইছে এই তথ্য ও বিবৰণ। সেই পত্ৰ অনুসৰি ৰাজ্যিক সমিতিৰ সভাপতি হৈছে পণ্ডিত সঞ্জীৱ নাৰায়ন দাস। অন্যান্য পদধিকাৰী হল উপসভাপতি সন্তোষ চন্দ্, কামৰূপৰ হিতেশ চন্দ্ৰ কলিতা আৰু পঙ্কজ নাথ, গোলাঘাটৰ মাখনলাল বাৰৈ, কামৰূপ মেট্ৰোৰ ৰাজেন্দ্ৰ কুমাৰ দাস । কাৰ্য্যকৰী সভাপতি হিচাপে আছে শিলচৰৰ স্বৰ্ণাালী চৌধুৰী, গোলাঘাটৰ সোনেশ্বৰ বাৰৈ, কামৰূপ মেট্ৰোৰ বিৰ্জু সিং, তিনিচুকীয়াৰ নৰেন্দ্ৰ নাৰায়ণ দাস, কামৰূপ মেট্ৰোৰ জয়প্ৰকাশ যাদব। সাধাৰণ সম্পাদক ক্ৰমে কামৰূপ মেট্ৰোৰ কুলদীপ ডেকা , কৰিমগঞ্জৰ আলোক ৰয়, কামৰূপ মেট্ৰোৰ বৈজয়ন্তী ৰাণী দাস, কৰিমগঞ্জৰ তনুশ্ৰী ৰায়, চাবুবাৰ আব্দুল কালাম। ইয়াৰ উপৰিও সাতজনক সম্পাদক, ন জনক সহ:সম্পাদক, দুইজনক কোষাধ্যক্ষৰ সহিতে কাৰ্য্যকৰী সদস্য হিচাপে ৫৯জনক এই সমিতিখনত লোৱা হৈছে । ইয়াৰ উপৰিও শিলচৰৰ প্ৰবীৰ চক্ৰৱৰ্তী অন্যতম সহ; সম্পদক হিচাপে দায়িত্ব দিয়া হৈছে। তাৰোপৰি সমিতিৰ উপদেষ্টা হিচাপে জনসংযোগ বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক হাৰাণ দেক লোৱা হৈছে বুলি জানিবলৈ দিছে। এই সমিটিখনে অনাগতদিনত ৰাজ্যৰ সৰু দৈনিক কাকত, সাপ্তাহিক কাকত, অন্যান্য কাকতৰ লগতে পত্ৰিকা আৰু ইয়াৰ সংবাদকৰ্মীৰ স্বাৰ্থত সুন্দৰভাৱে কাম কাজ কৰি সমাজত এক উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে ।