অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সাহায্য

100

আজি অখিল ভাৰতীয় সাহিত্য পৰিষদ,অসমৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ক সাক্ষাৎ কৰি কভিদ১৯ৰ টিকাকৰণ অভিযানলৈ সহাৰি জনাই মুখ্য মন্ত্ৰীৰ সাহায্য পুজিলৈ ছয়সত্তৰ(৭৬০০০.০০) টকাৰ চেক্ মুখ্য মন্ত্ৰীৰ হাতত অৰ্পন কৰে। পৰিষদে মুখ্য মন্ত্ৰীৰ অভিজ্ঞতাপূৰ্ণ আৰু সাহসী নেতৃত্বত অতি বিচক্ষণতাৰে অসমৰ সকলো ধৰণৰ জলন্ত সমস্যা সমূহৰ সমাধান হব বুলি আৰু ভাষা সাহিত্য সঙ্সকৃতিৰ বিকাশ হব বুলিও আশা প্ৰকাশ কৰে। পৰিষদে তেখেতক আদৰণি জনাই লগতে অভিনন্দন পত্ৰ এখনো প্ৰদান কৰে। চেক্ আৰু অভিনন্দন পত্ৰ প্ৰদানৰ সময়ত পৰিষদৰ ফালৰ পৰা সভাপতি ধীৰেন শৰ্মা, সচিৱ প্ৰধান কমল কলিতা আৰু কোষাধ্যক্ষ প্ৰদীপ বৰা উপস্থিত থাকে।