প্ৰকৃতিৰ হেঙাৰত স্তব্ধ হ’ল ক্ৰিকেটৰ যুঁজ। বুধবাৰে লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চতুৰ্থখন টি-২০ আন্তৰ্জাতিক মেচ ঘন কুঁৱলী আৰু প্ৰদূষণৰ বাবে বাতিল কৰা হয়। খেলপথাৰত দৃশ্যমানতা একেবাৰে হ্ৰাস পোৱাৰ বাবে আম্পায়াৰে খেলখন পৰিচালনা কৰাটো অসম্ভৱ বুলি ঘোষণা কৰে।
নিৰ্ধাৰিত সময়ত টছ কৰাটো সম্ভৱ হোৱা নাছিল, কাৰণ সমগ্ৰ ষ্টেডিয়ামখন ধোঁৱা আৰু কুঁৱলীৰ এক ডাঠ আৱৰণে ঢাকি ৰাখিছিল। আম্পায়াৰে কেইবাবাৰো খেলপথাৰ পৰীক্ষা কৰাৰ পাছতো পৰিস্থিতিৰ কোনো উন্নতি নোহোৱাত নিশা প্ৰায় ৯:৩০ বজাত মেচখন বাতিল ঘোষণা কৰা হয়। ষ্টেডিয়ামত উপস্থিত থকা হাজাৰ হাজাৰ দৰ্শক এটা বলো নেখেলাকৈয়ে হতাশ হৈ ঘৰলৈ উভতিব লগা হয়। আনকি খেলুৱৈসকলক অনুশীলনৰ সময়ত মাস্ক পৰিধান কৰা দেখা যায়।
এই মেচখন বাতিল হোৱাৰ পাছতো ভাৰতীয় দলটো ৫খন খেলৰ শৃংখলাটিত ২-১ ব্যৱধানত আগবাঢ়ি আছে। শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ১০১ ৰানত জয়লাভ কৰিছিল যদিও দ্বিতীয়খন খেলত দক্ষিণ আফ্ৰিকাই জয়ী হৈ সমতা স্থাপন কৰিছিল। ইয়াৰ পাছত ধৰমশালাত অনুষ্ঠিত তৃতীয়খন খেলত ভাৰতে জয়লাভ কৰি পুনৰ অগ্ৰগতি লাভ কৰে।
